“বম্ব চাইক্লন”ৰ আশংকাত আমেৰিকা! ক’লা পৰি ছিগি যাব শৰীৰৰ মুক্ত অঞ্চল

পুনৰ প্ৰকৃতিৰ এক ভয়াবহ ৰূপত বিধস্ত হৈ পৰিছে আমেৰিকা। মেৰু অঞ্চলৰ পৰা অহা প্ৰচণ্ড শীত প্ৰবাহে লৈছে এক ভয়ংকৰ ৰূপ। বিজ্ঞানী সকলে ইতিমধ্যে জনসাধাৰণ সতৰ্ক কৰি দি কৈছে শীতৰ ধুমুহাই কালৰূপ ধাৰণ কৰি হৈ পৰিব ” বম্ব চাইক্লন”। এনে অবস্থাত ঘৰৰ বাহিৰ ওলালেই আক্ৰান্ত হব “ফ্ৰষ্টবাইট”ত । শৰীৰৰ মুক্ত অঞ্চল ক’লা পৰি যোৱাৰ লগতে ছিগি পৰিব আঙুলি ইত্যাদি। আমেৰিকাৰ বহু অঞ্চল এতিয়া এন্ধাৰৰ কবলত। বন্ধ হৈ পৰিছে বাট-পথ। আমেৰিকাৰ ” নেচনেল ৱেডাৰ ছাৰ্ভিচে” ইতিপূৰ্বে সতৰ্ক কৰি দি আমেৰিকাৰ ৭০ শতাংশ লোক শীতৰ ধুমুহাত পৰিব বুলি ।

আমেৰিকাৰ উত্তৰভাগ আৰু কানাডাৰ দক্ষিন অঞ্চলৰ পৰা চিকাগো,মিলিয়াপোনিছ, মিছিগান আদি অঞ্চল এতিয়া শীতৰ ধুমুহাৰ কবলত। আমেৰিকাৰ ইতিহাসত পূৰ্বে এনে ভয়ংকৰ বিপদৰ মুখামুখি হোৱাৰ নজিৰ নাই।

Related Articles