ওলা ওবেৰক প্ৰত্যাহ্বান জনাব ৰাজ্য চৰকাৰে ! আহি আছে” চিটি টেক্সি এ এছ টি চি কেব”

মহানগৰবাসীলৈ সুখবৰ।ওলা ওবেৰৰ অত্যাধিক ভাৰাৰ লগতে চালক সকলক প্ৰাপ্যৰ পৰা কৰি অহা বঞ্চনাক প্ৰত্যাহ্বান জনাই আহি আছে চৰকাৰী কেব। পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু কেব চালক সকলৰ সৈতে অনুষ্ঠিত হোৱা এক বৈঠকৰ পিছত শীঘ্ৰেই ” চিটি টেক্সি এ এছ টি চি কেব” মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয়। ” নো কেন্সেলেচন, নো কলেকশ্বন ” নীতিৰ আধাৰত আৰম্ভ হবলগীয়া নতুন কেবে মহানগৰবাসীক প্ৰদান কৰিব যথেষ্ট সা-সুবিধা। বিশেষকৈ ভাড়াৰ ক্ষেত্ৰত দিব বৃহৎ সকাহ।

১২ টকা ৫০ পইচা আদায় দিব লাগিব প্ৰি পেইড নীতিৰ আধাৰত। কেব চালক সকল এই ব্যৱস্হাক লৈ যথেষ্ট সুখী হোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে চৰকাৰক শ্ৰমিক হিচাপে প্ৰাপ্য সকলো সা-সুবিধা প্ৰদান কৰিবলৈ মন্ত্ৰী শুক্লবৈদ্যক এক স্মাৰক পত্ৰ প্ৰদান কৰে। ইতিপূৰ্বে ওলা ওবেৰৰ গাড়ী চালক গাড়ীচোৰ চক্ৰৰ হাতত প্ৰান দিয়াৰ পিছতো ন্যুনতম সুবিধা প্ৰদান নকৰাৰ অভিযোগ তুলি মন্ত্ৰী শুক্লবৈদ্যক চালক সকলৰ লগতে পৰিয়ালৰ নিৰাপত্তাৰ দিশটো গভীৰ ভাবে গুৰুত্ব দিবলৈ আহ্বান জনায়। মন্ত্ৰীৰ ইতিবাচক সহাৰিত শীঘ্ৰেই মহানগৰলৈ আহি আছে চিটি টেক্সি এ এছ টি চি কেব।

Related Articles