নিপুন অসমৰ মুখ্য প্ৰশিক্ষকৰ প্ৰশিক্ষণ আৰম্ভ

আজিৰে পৰা সমগ্ৰ শিক্ষা,অসমৰ উদ্যোগত আৰু Unicef ৰ সহযোগত বঙাইগাঁও জিলাৰ হোটেল জাহ্নৱী ৰেজেঞ্চীত নিপুন অসম বা এফ. এল. এন. আৰু শিকণ শিক্ষণ সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত চাৰিদিনীয়াকৈ মুখ্য প্ৰশিক্ষকৰ আবাসিক প্ৰশিক্ষণ আৰম্ভ হৈছে। প্ৰশিক্ষণ মুকলি অনুষ্ঠানত উপস্থিত থাকে বঙাইগাঁও জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিষ্ঠানৰ জেষ্ঠ প্ৰবক্তা গোবিন্দ মেধি আৰু UNICEF ৰ ৰাজ্যিক সমন্বয়ক ইমটিয়াজ আলী। প্ৰশিক্ষণত অসমৰ ৬ খন জিলাৰ পৰা মুঠ ১০৪ জন মাষ্টাৰ ট্ৰেইনাৰে প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ এ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাক এতিয়া দেশৰ ভিতৰতে শিক্ষাত সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে আৰু এই বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ওপৰতে নিপুন ভাৰত নামেৰে ভাৰত চৰকাৰে এক ৰাষ্ট্ৰীয় উদ্যোগ ২০২১ চনৰ ৫ জুলাইত আৰম্ভ কৰে।

একেদৰে অসম চৰকাৰে ২০২১ চনৰ ১৬ নবেম্বৰৰ পৰাই নিপুন অসম নামেৰে এক মিছন আৰম্ভ কৰিছে আৰু এই নিপুন অসমৰে ওপৰত আজিৰে পৰা ৩০ ডিচেম্বৰলৈ ৪ দিনীয়াকৈ Zonal Level ত মুখ্য প্ৰশিক্ষকৰ প্ৰশিক্ষণ বঙাইগাঁও জিলাত আৰম্ভ হৈছে। বৰপেটাৰ পৰা ২৮ জন, ধুবুৰীৰ পৰা ২০জন, বঙাইগাঁওৰ পৰা ১৬ জন, চিৰাংৰ পৰা ৮ জন, কোকৰাঝাৰৰ পৰা ১৬ জন আৰু গোৱালপাৰাৰ পৰা ১৬ জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটো বঙাইগাঁও সমগ্ৰ শিক্ষাৰ জিলা‌ আচঁনি বিষয়া কিৰ্তী গোস্বামীয়ে আত ধৰে। প্ৰশিক্ষণৰ লগত সংগতি ৰাখি আজি এক কুইজ প্ৰতিযোগিতাও Kahoot ৰ দ্বাৰা পৰিচালিত কৰা হয় য’ত বৰপেটা জিলাৰ বৰপেটা শিক্ষা খণ্ডৰ সমল ব্যক্তি চন্দন কুমাৰ দাসে প্ৰথম স্থান লাভ কৰে। আজিৰ প্ৰশিক্ষণ অনুষ্ঠানটোত চিৰাং জিলা সমগ্ৰ শিক্ষাৰ জিলা‌ আচঁনি বিষয়া গোপীনাথ নাৰ্জাৰী, বৰপেটা জিলা সমগ্ৰ শিক্ষাৰ জিলা‌ আচঁনি বিষয়া চিতাংগ ডেকা, গোৱালপাৰা জিলা সমগ্ৰ শিক্ষাৰ জিলা‌ আচঁনি বিষয়া অনুপম শৰ্মাও উপস্থিত থাকে।

Related Articles