এগৰাকী কিংবদন্তীৰ বিদায়। ফুটবল সম্ৰাট পেলেৰ সম্পৰ্কত এই বিশেষণ ব্যৱহাৰ কৰাৰ বিকল্প অৱশ্যে নাই। তিনিটা বিশ্বকাপ জয় কৰা পেলে কেৱল এজন ফুটবল তাৰকাই নহয়, তেওঁ ক্ৰীড়া জগতৰ এক উজ্জ্বল নক্ষত্ৰ। যুগৰ পিছত যুগ ধৰি তেওঁলৈ চাই অনুপ্ৰাণিত হৈ আহিছে ফুটবল জগত। বৃহস্পতিবাৰে গভীৰ নিশা মহানায়কগৰাকীয়ে চিৰবিদায় মাগিলে।
কিংবদন্তি পেলেৰ মৃত্যুত সাম্প্ৰতিক ফুটবল বিশ্বৰ অন্যতম মহাতাৰকা লিঅ’নেল মেছিয়ে শোক প্ৰকাশ কৰিছে।
বিশ্বকাপ শেষ হৈছে মাথোঁ। দীঘলীয়া অপেক্ষাৰ পিছত ট্ৰফী স্পৰ্শ কৰিছে মেছিয়ে। বিশ্বকাপ বিজয়ী এজন ফুটবলাৰে তিনিবাৰৰ বিশ্বকাপ বিজয়ীৰ মৃত্যুৰ পিছত লিখিছে, “শান্তিত থাকক।” মেছিয়ে তেওঁৰ আৰু পেলেৰ দুখন ফটোও পোষ্ট কৰিছে। গ’ল কৰাৰ পিছত পেলেৰ উত্তেজনাৰ ছবি। এটা সময় আছিল যেতিয়া পেলেৰ মুখত মেছিৰ বিষয়ে প্ৰশংসা শুনা নগৈছিল। আনকি পেলেই ভাবিছিল যে নেইমাৰ মেছিতকৈ ভাল ফুটবল খেলুৱৈ।
পেলেই এক অনুষ্ঠানত কৈছিল, “সকলোৱে মেছিৰ বিষয়ে কথা পাতি আছে। তেওঁ এজন তাৰকা। কিন্তু যদি মেছি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ হ’ব লাগে, তেন্তে প্ৰথমে তেওঁ নেইমাৰৰ তুলনাত ভাল হ’ব লাগিব।‘’
২০২১ চনৰ পৰা অন্ত্ৰৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল পেলে। কাটাৰ বিশ্বকাপৰ সময়ত তেওঁৰ অৱস্থাৰ অৱনতি হোৱাৰ পিছত ২৯ নৱেম্বৰত তেওঁক চাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ডিচেম্বৰৰ ২২তাৰিখে, কৰ্কট ৰোগৰ যন্ত্ৰণা হঠাতে বৃদ্ধি পাইছিল। পেলেই এই বছৰ চিকিৎসালয়তে বৰদিন কটাইছিল।
Leo Messi on Instagram: Rest in Peace, Pelé. pic.twitter.com/4pv4mTKZHB
— Leo Messi 🔟 Fan Club (@WeAreMessi) December 29, 2022
পেলেৰ কন্যা কেলীয়ে তাইৰ অসুস্থ দেউতাকক বিচনাত আলিঙ্গন কৰা এখন ফটো পোষ্ট কৰিছিল। তেওঁৰ পুত্ৰ এডিচনও শনিবাৰে চিকিৎসালয়ত উপস্থিত হৈছিল। তেওঁৰ পৰিয়ালৰ সদস্যসকল যোৱা কেইদিনমান ধৰি চিকিৎসালয়ত তেওঁৰ কাষত আছিল। কিন্তু সকলো শেষ হৈ আহিছিল। চিকিৎসকসকলে ফুটবল সম্ৰাটক আৰোগ্য কৰি তুলিব নোৱাৰিলে। সীমাহীন অনুৰাগীৰ মন ব্যথিত কৰি অজান দেশলৈ গুচি গ’ল পেলে।