Breaking

প্ৰকৃতি সুৰক্ষাৰ বাৰ্তাবাহকৰ ফটোৰে ৰেইনচফট কেলেণ্ডাৰৰ পঞ্চদশ বৰ্ষ…

0 49

প্ৰকৃতি সুৰক্ষাৰ বাৰ্তাবাহকৰ ফটোৰে ৰেইনচফট কেলেণ্ডাৰ
এইবাৰ এই কেলেণ্ডাৰৰ পঞ্চদশ বৰ্ষ ৷ বিষয় সৌম্যদীপ দত্ত
গুৱাহাটী ঃ ‘এই কেলেণ্ডাৰখনে অসমৰ জনসাধাৰণৰ মাজত প্ৰকৃতি সুৰক্ষাৰ বাণী বিতৰণ কৰাত সহায় কৰক, এয়াই মোৰ আশা’ –

নিজৰ ফটোৰে সজ্জিত উৎপল দত্ত আৰু ধনজিৎ দাসৰ ‘ৰেইনচফট’ কেলেণ্ডাৰখন হাতত লৈ এই মন্তব্য কৰে প্ৰকৃতি সুৰক্ষা আন্দোলনৰ অন্যতম অক্লান্ত কৰ্মী সৌম্যদীপ দত্তই৷ উৎপল দত্তই পবিতৰা অভয়াৰণ্যৰ গভীৰ অঞ্চল আৰু পুথিভড়ালত তোলা চাৰিখন ফটোৰে এই কেলেণ্ডাৰখন সজাইছে ধনজিৎ দাসে৷ শ্ৰী দত্তৰ অৰণ্যপ্ৰীতি আৰু সাহিত্যপ্ৰীতিক প্ৰকাশ কৰিবলৈকে ফটোখিনি এনেদৰে তোলা হৈছে বুলি ফটোগ্ৰাফাৰ উৎপল দত্তই জনায়৷ আকাশবাণী গুৱাহাটীৰ ঋতুপৰ্ণ দাসে আঁত ধৰা এই সভাখন অনুষ্ঠিত হয় আজি বিয়লি তিনি বজাত,

অসম গ্ৰন্থমেলা প্ৰাংগনত৷ এই সভাত অংশগ্ৰন কৰি প্ৰখ্যাত আবৃত্তিকাৰ অৱনী বৰাই এই কেলেণ্ডাৰৰ লগত আৰম্ভণিৰে পৰা থকা তেওঁৰ সম্বন্ধৰ কথা বাখ্যা কৰে৷ উৎপল দত্তই তেওঁৰ ৰসাল ভাষণত কেলেণ্ডাৰখনৰ আৰম্ভণিৰ কথা আৰু হোমেন বৰগোহঁাই আৰু ডঃ বীৰেন্দ্ৰ নাথ দত্তৰ ফটো তোলাৰ অভিজ্ঞতাৰ কথা কয়৷ সভাত আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন সঞ্চালক দিলীপ কুমাৰ দাস, নাট পৰিচালক নয়ন প্ৰসাদ, অভিনেত্ৰী নম্ৰতা শৰ্মা, চিত্ৰ পৰিচালক কিশোৰ কুমাৰ কলিতা, সাংবাদিক মনোজ কুমাৰ নাথ, লেখিকা নম্ৰতা দত্ত, কবি পূৰবী চূতীয়া আদিয়েও অংশগ্ৰহন কৰে৷ উল্লেখযোগ্য যে এইবাৰ ৰেইনচফট কেলেণ্ডাৰৰ পঞ্চদশ সংস্কৰণ আৰু এই কেলেণ্ডাৰ প্ৰতিবছৰে চাৰি জানুৱাৰিত উন্মোচন কৰা হৈ আহিছে৷

Leave A Reply

Your email address will not be published.