Breaking

নতুন বছৰত আধাৰ কাৰ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন!

0 131

পৰিয়ালৰ মুৰব্বীয়ে সন্মতি দিলেই এইবাৰ আপডেট কৰিব পাৰিব ঠিকনা। ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া (UIDAI)ই  গ্ৰাহকসকলক এই অনুমতি প্ৰদান কৰিছে। আশা কৰা হৈছে যে এই প্ৰক্ৰিয়াৰ জৰিয়তে দেশৰ লাখ লাখ লোক উপকৃত হ’ব।

এই ঠিকনা সলনি কৰাৰ প্ৰক্ৰিয়া কেনেদৰে আৰম্ভ কৰিব?

ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া (UIDAI)ৰ মতে, আবেদনকাৰী আৰু পৰিয়ালৰ মুৰব্বীৰ মাজৰ সম্পৰ্কৰ প্ৰমাণৰ সৈতে ৰেচন কাৰ্ড, মাৰ্কশ্বীট, বিবাহৰ প্ৰমাণপত্ৰ, পাছপোৰ্ট আদি নথি দাখিল কৰিব লাগিব। পৰিয়ালৰ মুৰব্বী আৰু আবেদনকাৰীৰ নাম দিব লাগিব। পৰিয়ালৰ মুৰব্বীয়ে ওটিপি-আধাৰিত প্ৰমাণীকৰণ কৰিব লাগিব।


UIDAI ৰ বিবৃতিটোত কোৱা হৈছে “যদি সম্পৰ্কটো প্ৰমাণ কৰিবলৈ কোনো নথি নাথাকে (পৰিয়ালৰ মুৰব্বী আৰু সংশ্লিষ্ট আবেদনকাৰীৰ মাজত), তেনেহ’লে পৰিয়ালৰ মুৰব্বীয়ে ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়াৰ দ্বাৰা নিৰ্ধাৰিত ফৰ্মেটত স্ব-ঘোষণা প্ৰপত্ৰ দাখিল কৰিব লাগিব।”

বিবৃতিত লগতে কোৱা হৈছে “পৰিয়ালৰ মুৰব্বীৰ ওপৰত আধাৰিত অনলাইন ঠিকনা আপডেটৰ বিষয়টোৱে শিশু, জীৱন সঙ্গী, অভিভাৱকৰ দৰে আত্মীয়সকলৰ বাবে অতি কাৰ্যকৰী হ’ব। যিসকলৰ নামত প্ৰয়োজনীয় নথিপত্ৰ নাই তেওঁলোকৰ আধাৰ কাৰ্ডত ঠিকনাটো আপডেট কৰিবলৈ সহায়ক হ’ব। বিভিন্ন কাৰণত মানুহে দেশৰ ভিতৰৰ বিভিন্ন চহৰলৈ গৈ আছে। তেনে পৰিস্থিতিত ই লাখ লাখ লোকৰ বাবে লাভজনক হ’ব।”

বৰ্তমান বৈধ নথিপত্ৰ বা প্ৰমাণপত্ৰৰ সৈতে আধাৰৰ ঠিকনা আপডেট কৰাৰ সুযোগ আছে। কিন্তু তাৰ সৈতে এটা নতুন সুযোগো আহিল। UIDAI ৰ তৰফৰ পৰা কোৱা হৈছে, “এই প্ৰক্ৰিয়াটোত ১৮ বছৰৰ অধিক বয়সৰ যিকোনো ব্যক্তিক পৰিয়ালৰ মুৰব্বী হিচাপে গণ্য কৰিব পাৰি আৰু এই প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁৰ ঠিকনা তেওঁৰ আত্মীয়ক শ্বেয়াৰ কৰিব পাৰে।‘’

অনলাইনত ঠিকনা কেনেদৰে আপডেট কৰিব?

১) অনলাইন ঠিকনা আপডেটৰ বাবে, আপুনি ‘মাই আধাৰ’ পৰ্টেললৈ যাব লাগিব।

২) তাত পৰিয়ালৰ মুৰব্বীৰ আধাৰ নম্বৰ দিব লাগিব। সেইটো প্ৰমাণিত কৰিব লাগিব। গোপনীয়তা বজাই ৰাখিবলৈ পৰিয়ালৰ মুৰব্বীৰ আৰু কোনো তথ্য স্ক্ৰীণত প্ৰদৰ্শন কৰা নহয়।

৩) বৈধতা বা প্ৰমাণীকৰণ পৰ্যায় সমাপ্ত হোৱাৰ পিছত সংশ্লিষ্ট ব্যক্তিজনে পৰিয়ালৰ মুৰব্বীৰ সৈতে সম্পৰ্কৰ প্ৰমাণ সম্পৰ্কীয় নথিপত্ৰ আপলোড কৰিব লাগিব।

৪) UIDAI-য়ে কৈছে যে আবেদনকাৰীসকলে এই সেৱাৰ বাবে ৫০ টকা পৰিশোধ কৰিব লাগিব। সফল পৰিশোধৰ পিছত চাৰ্ভিছ ৰিকুৱেষ্ট নম্বৰটো আবেদনকাৰীৰ সৈতে শ্বেয়াৰ কৰা হ’ব। একে সময়তে, ঠিকনা সম্পৰ্কীয় আবেদনৰ বাবে পৰিয়ালৰ মুৰব্বীলৈ এছএমএছ প্ৰেৰণ কৰা হ’ব।

৫) আপুনি ‘মাই আধাৰ’ পৰ্টেলত লগ ইন কৰি সেই ৰিকুৱেষ্ট গ্ৰহণ কৰিব পাৰে।  তেওঁ যদি নটিফিকেশ্যন পোৱাৰ ৩০ দিনৰ ভিতৰত সন্মতি দিয়ে, আবেদন সম্পূৰ্ণ হ’ব। যদি পৰিয়ালৰ মুৰব্বীয়ে ৩০ দিনৰ ভিতৰত সেই কাম নকৰে, তেন্তে আবেদনখন বন্ধ হৈ যাব। যিয়েই হওঁক, এই সন্দৰ্ভত তথ্য আবেদনকাৰীক জনোৱা হ’ব।

Leave A Reply

Your email address will not be published.