অসমৰ কৰিমগঞ্জ জিলাত সোমবাৰে বজৰং দলৰ এগৰাকী কৰ্মীক হত্যাকাণ্ডৰ সৈতে জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।
শনিবাৰে সন্ধিয়া বাজাৰিচেৰা থানাৰ অন্তৰ্গত কৰিমগঞ্জ চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগত থকা লোৱাইৰপুৱা অঞ্চলত ১৬ বছৰীয়া কৰ্মী সম্ভু কইৰীক হত্যা কৰা বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
পিটিআইৰ বাতৰি অনুসৰি, চুবুৰীয়া হাইলাকান্দি জিলাত বজৰং দলৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি কৰিমগঞ্জ জিলালৈ উভতি আহিছিল ক’ইৰীয়ে।
বিষয়াগৰাকীয়ে কয় যে, “ব্যক্তিজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হয়। স্থানীয় লোকে লগে লগে তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যায়, য’ত তেওঁক মৃত ঘোষণা কৰা হয়।”
স্থানীয় ৰাইজে এই কাণ্ডৰ পিছত বাজাৰিচেৰা থানাত ঘেৰাও কৰি দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ অঞ্চলটোত অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছিল বুলিও তেওঁ কয়। আৰক্ষী বিষয়াগৰাকীয়ে কয় যে এই হত্যাকাণ্ডৰ সৈতে জড়িত এতিয়ালৈকে এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।অধিক তদন্ত অব্যাহত আছে।