প্ৰতিবাদৰ অগ্নিৰে উত্তাল পৰিছে লেতিন আমেৰিকান দেশ পেৰু , এই প্ৰতিবাদত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ৪২ জন লোকে…

প্ৰতিবাদৰ অগ্নিৰে উত্তাল পৰিছে লেতিন আমেৰিকান দেশ পেৰু। ৰাষ্ট্ৰপতি ডিনা বোলাৰ্টেৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি চলি আহিছে পেৰুৰ জনগণৰ সংগ্ৰাম। এই প্ৰতিবাদত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ৪২ জন লোকে।

প্ৰতিবাদ ইমানেই তীব্ৰ হৈ উঠিছে যে ৰাজধানী লিমাকে ধৰি পেৰুৰ কেইবাখনো চহৰত আজি জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। অহা ৩০ দিনৰ বাবে জাৰি কৰা হৈছে জৰুৰীকালীন অৱস্থা। সাধাৰণ মানুহৰ চলাচল, একে ঠাইতে গোট খোৱা আদি কথাবোৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

উল্লেখ্য যে ডিচেম্বৰৰ আৰম্ভণিতে পেৰুত এক চৰকাৰ বিৰোধী গণ আন্দোলন আৰম্ভ হয়। এই সময়ছোৱাত একাধিক দুৰ্নীতিৰ অভিযোগৰ বাবে তেতিয়াৰ ৰাষ্ট্ৰপতি পেড্ৰ’ কাষ্টিলোক ক্ষমতাৰ পৰা অপসাৰণ কৰা হয়। সম্প্ৰতি তেওঁ  আইনৰ জিম্মাত আছে।

কাষ্টিলোক ক্ষমতাচ্যুত কৰাৰ পিছত পেৰুত ডিনা বোলাৰ্টেক নতুনকৈ ৰাষ্ট্ৰপতিৰ পদত অধিস্থিত কৰা হয়। ইয়াৰ পিছৰে পৰা কাষ্টিলোৰ সমৰ্থকসকলে নতুন ভোটদান আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতি ডিনা বোলাৰ্টেক অপসাৰণৰ দাবী জনাই প্ৰতিবাদ গঢ়ি তুলিছে।

ৰাষ্ট্ৰপতি বোলাৰ্টে হৈছে বাওঁপন্থী দলৰ সদস্য। শুকুৰবাৰে দিয়া এক সাক্ষাৎকাৰত বোলাৰ্টে কয় যে কিছুমান হিংসাত্মক, মৌলবাদী লোকে মোৰ পদত্যাগ বিচাৰিছে। সাধাৰণ মানুহক ক্ষুব্ধ কৰি তুলিছে। সমগ্ৰ দেশতে চলিছে বিশৃংখলতা আৰু ধ্বংসলীলা।  তেওঁলোকে দাবী কৰিলে বুলিয়েই মই পদত্যাগ নকৰো। পেৰুৰ প্ৰতি মোৰ এক বৃহৎ দায়িত্ব আছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে প্ৰতিবাদ ইমানেই হিংসাত্মক হৈ পৰিছে যে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কমেও ৪২ জন লোকৰ মৃত্যু হৈছে। প্ৰতিবাদকাৰীয়ে গাড়ীসহ জীৱন্তে আৰক্ষীক জ্বলাই দিয়াৰো খবৰ প্ৰকাশ হৈছে।

Related Articles