Breaking

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগত আৰ্দ্ৰভূমি দিৱস’ পালন

0 70

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত আৰু জি-২০ যুৱ সন্মিলন উদযাপনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমন্বয়ক সমিতিৰ সহযোগত আজি বিশ্ব আৰ্দ্ৰভূমি দিবস দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এইবাৰৰ আৰ্দ্ৰভূমি দিৱসৰ থিম “আৰ্দ্ৰভূমি পুনৰোদ্ধাৰৰ বাবে সময় সমাগত” ৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত আৰ্দ্ৰভূমি বিষয়ক বক্তৃতা আৰু ফটোগ্রাফী প্রতিযোগিতা অনুষ্ঠিত কৰা হয়।

প্ৰতিযোগিতাসমূহ উদ্বোধন কৰে বিশ্ববিদ্যালয় শ্রেণীসমূহৰ সচিব অধ্যাপক ড০ জগদীশ শর্মাই। তেওঁ অনুষ্ঠানটি উদ্বোধন কৰি দিয়া ভাষণত আৰ্দ্ৰভূমি সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে আৰু ছাত্ৰ-ছাত্ৰী, বেচৰকাৰী অনুষ্ঠান, শিক্ষানুষ্ঠান আৰু চৰকাৰৰ সংঘবদ্ধ প্ৰচেষ্টাৰ প্ৰাসংগিকতাৰ কথা উল্লেখ কৰে।

অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপৰি পাণ্ডু, প্রাগজ্যোতিষ, বি.বৰুৱা, আৰ্যবিদ্যাপীঠ, সোণাপুৰ আদি কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰে। প্ৰতিযোগিতাসমূহৰ বিচাৰকৰ দায়িত্ব পালন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড০ অশোক কুমাৰ বৰা, ড০ বিমল কুমাৰ কৰ, ড০ প্রশান্ত ভট্টাচাৰ্য আৰু প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ড০ প্রশান্ত কুমাৰ শ‍ইকীয়াই ।

অনুষ্ঠানটিত গুৱাহাটী বিশ্ববিদ্যালয়ৰে ভূগোল বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ড০ অৱনী কুমাৰ ভাগৱতী উপস্থিত থাকি তেওঁৰ স্বভাবসুলভ আকর্ষণীয় বাকপটুতাৰে আৰ্দ্ৰভূমি সম্পৰ্কে সুদীৰ্ঘসময়ৰ সঞ্চিত অভিজ্ঞতাৰ পৰা গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে।

অনুষ্ঠানটিত পুৰস্কাৰ বিতৰণ কৰে ভূগোল বিভাগৰ মূৰব্বী অধ্যাপক ড০ ধ্ৰুৱজ্যোতি চহৰীয়াই আৰু শলাগৰ শৰাই আগবঢ়াই ড০ ধনজিত ডেকাই।

Leave A Reply

Your email address will not be published.