আদানী শ্বেয়াৰ মাৰ্কেটৰ ডাঙৰ ষাঁড়, কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ বাবে পবিত্ৰ গৰু : শিৱসেনা

আদানী প্ৰসংগই জোকাৰি আছে সমগ্ৰ দেশকে।ইয়াৰ মাজতে শিৱসেনাই (ইউবিটি) শুকুৰবাৰে ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন দিৱসৰ বাবে ‘গৰুক আলিঙ্গন দিৱস’ হিচাবে পালন কৰিবলৈ ওলোৱা কাৰ্যক তীব্ৰ উপহাস কৰিছে।শিৱসেনাই কোটিপতি উদ্যোগপতি গৌতম আদানী প্ৰধানমন্ত্ৰীৰ বাবে “পবিত্ৰ গৰু” বুলি দাবী কৰি নৰেন্দ্ৰ মোদীয়ে সেই পবিত্ৰ গৰুটোক ৰক্ষণাবেক্ষণ দিথকা বুলি তীব্ৰ সমালোচনা কৰে।

ভাৰতীয় পশু কল্যাণ পৰিষদে “ইতিবাচক শক্তি” বিয়পাবলৈ আৰু “সামূহিক সুখ”ক উৎসাহিত কৰিবলৈ ভেলেণ্টাইন দিৱস ‘গৰু আলিঙ্গন দিৱস’ হিচাপে উদযাপন কৰিবলৈ আহ্বান জনাইছে আৰু এই পদক্ষেপে ভাৰতীয় জনতা পাৰ্টিৰ কেইজনমান নেতাৰ সমৰ্থন লাভ কৰিছে বুলিও শিৱসেনাই অভিযোগ কৰে।


শিৱসেনাৰ দলীয় মুখপত্ৰ ‘সামনা’ৰ এক সম্পাদকীয়ত শিৱসেনাৰ উদ্ধৱ গোটে কয় যে আদানীৰ বিৰুদ্ধে সংসদত প্ৰতিবাদ হোৱা স্বত্বেও প্ৰধানমন্ত্ৰীয়ে আদানীৰ “কেলেংকাৰী” সন্দৰ্ভত এটা শব্দও উচ্চাৰণ কৰা নাই।


শিৱসেনাই কয় “আদানীৰ কেলেংকাৰী সন্দৰ্ভত ৰাইজে প্ৰধানমন্ত্ৰীৰ পৰা স্পষ্টীকৰণ বিচাৰে, কিন্তু মোদী চৰকাৰে সকলোকে চুপ কৰি ৰাখিবলৈ পুনৰ ধৰ্মৰ এটা পালি দিছে। মোদীয়ে সংসদত আদানীৰ বিষয়ে কথা কোৱা নাই, কিন্তু তেওঁৰ চৰকাৰে গৰুৰ বিষয়ে কথা পাতিছে”।


শিৱসেনাই লগতে কয় “আদানি হৈছে শ্বেয়াৰ বজাৰৰ ডাঙৰ ষাঁড়, কিন্তু মোডীৰ বাবে তেওঁ এটা পবিত্ৰ গৰু”।


সেনাৰ সম্পাদকীয়ত অভিযোগ কৰা হৈছে যে এই বছৰ কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলৈ সাজু হোৱাৰ সৈতে আৰু লোকসভা নিৰ্বাচন মাত্ৰ এবছৰৰ বাকী থকা অৱস্থাত, মোদীৰ অধীনৰ এন ডি এ চৰকাৰৰ উন্নয়নৰ জৰিয়তে দেখুৱাবলৈ বিশেষ একো নাই, সেয়েহে ৰাম মন্দিৰ আৰু গৰুৰ দৰে বিষয়ৰ নামত ভোট বিচাৰিছে মোদীয়ে।

Related Articles