Breaking

বোকাখাতৰ যুৱ-কৰ্মী সভাত অংশগ্ৰহণ অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ…

0 61

গোলাঘাট জিলা যুৱ পৰিষদৰ উদ্যোগত আৰু বোকাখাত সমষ্টি যুৱ পৰিষদৰ সহযোগতত বোকাখাতত অনুষ্ঠিত যুৱ-কৰ্মী সভাত অংশগ্ৰহণ কৰে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই। সকলোকে নিষ্ঠাসহকাৰে সাংগঠনিক কাম কৰি দলৰ ভেটি শক্তিশালী কৰিবলৈ আহ্বান জনায় মন্ত্ৰী অতুল বৰাই।

এই সভাত অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, অগপ গোলাঘাট জিলাৰ সভাপতি ড° নৃপেন বৰুৱা , দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকদ্বয় আছিকুৰ ৰহমান, কৃষ্ণ দাস ডাঙৰীয়া, গোলাঘাট জিলা যুৱ পৰিষদৰ সভাপতি পুলিন বৰা , বোকাখাত বিধান পৰিষদৰ সভাপতি জগত কলিতাৰ লগতে জিলাখনৰ যুৱ পৰিষদৰ প্ৰতিনিধি, দলৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া, ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.