ডিব্ৰুগড় আৰক্ষীয়ে আৰম্ভ কৰিলে ৰাজহুৱা অভিযোগ নিৰাময়

ডিব্ৰুগড় আৰক্ষীয়ে আৰক্ষী সঞ্চালক প্ৰধান(ডিজিপি), অসমৰ নিৰ্দেশ অনুসৰি আৰক্ষী বিষয়ৰ সৈতে জড়িত ৰাজহুৱা অভিযোগ নিৰাময়ৰ বাবে সোমবাৰে এক বিশেষ পদক্ষেপ আৰম্ভ কৰে।

প্ৰথম দিনাই ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ২০ টা ৰাজহুৱা অভিযোগ ব্যক্তিগতভাৱে শুনানি গ্ৰহণ কৰিছিল আৰু আৰক্ষী অধীক্ষক শ্বেতংক মিশ্ৰই এছ পি কাৰ্যালয় চৌহদৰ মুকলি মাটিত সমাধান কৰিছিল।

পুৱা ১১.৩০ বজাৰ পৰা ১.৩০ বজালৈ সকলো কৰ্মদিনতে জনসাধাৰণক সাক্ষাৎ কৰি তেওঁলোকৰ অভাৱ-অভিযোগ সমাধানৰ দায়িত্ব তলত উল্লেখ কৰা বিষয়াসকলক অৰ্পণ কৰা হৈছে – আৰক্ষী অধীক্ষক (সোমবাৰ), অতিৰিক্ত আৰক্ষী অধীক্ষক – নিৰাপত্তা আৰু চোৰাংচোৱা (মঙলবাৰ), অতিৰিক্ত আৰক্ষী অধীক্ষক – মুখ্য কাৰ্যালয় (বুধবাৰ ),

ডি এছ পি – নিৰাপত্তা আৰু চোৰাংচোৱা (বৃহস্পতিবাৰ), অতিৰিক্ত এছ পি – সীমান্ত (শুকুৰবাৰ) আৰু পৰিদৰ্শক – জিলা বিশেষ শাখা (শনিবাৰ)।

উল্লেখযোগ্য যে ডি জি পিৰ নিৰ্দেশ আছিল ১৩ তাৰিখৰ পৰা; কিন্তু ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে ৬ ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ কৰিলে ৰাইজলৈ বিশেষ সেৱা

Related Articles