‘প্ৰাৰ্থনা’ৰ অৰ্থ হৈছে সম্পূৰ্ণ শৰীৰ, মনেৰে সমৰ্পিত হৈ, সম্পূৰ্ণ মনঃসংযোগ স্থাপন কৰি আত্মাই পৰমাত্মাৰ সৈতে কৰা এক অনুপম বাৰ্তালাপ। ইয়াৰ বাস্তৱিক অৰ্থ হৈছে-মানুহে যেতিয়া অকল্পনীয়ভাৱে বিপৰ্যস্ত সময়ৰ মুখামুখি হয়, যেতিয়া ক্ষুদ্ৰাতিক্ষুদ্ৰ পৰাজয়ৰ গ্লানিত জীৱন ধূলি ধূসৰ যেন অনুভৱ হয়, তেতিয়া নিৰুপায় মনৰ সকলো আশংকা, দ্বিধা, দ্বন্দ্ব ঈশ্বৰৰ পদপংকজত অৰ্পণ কৰি ভয়, শংকামুক্ত হৈ, পৰমেশ্বৰত বিশ্বাস স্থাপিত কৰি পুনৰ নৱ উদ্যমেৰে নিজক কৰ্মত নিয়োজিত কৰা কাৰ্য।
আজি একবিংশ শতিকাৰ বিজ্ঞান প্ৰযুক্তি সফলতাৰ শীৰ্ষত আৰোহণ কৰাৰ সময়ত অনাকাংক্ষিতভাৱে মানৱ জাতি অধিক ব্যস্ত আৰু আত্মকেন্দ্ৰিক হ’বলৈ ধৰিছে। একাংশই প্ৰতিযোগী মানসিকতাক লালন পালন কৰোঁতে হেৰুৱাবলৈ ধৰিছে আত্মীয়তাৰ সুবাস। হেৰুৱাবলৈ ধৰিছে সমস্ত মানৱিক গুণ।
সাধাৰণ একোটা কথাতে হিংসাত্মক ৰূপ ধাৰণ কৰি বৰ্বৰ, জঘন্য ঘটনা সংঘটিত কৰি জান্তৱ উল্লাসত মত্ত হৈছে । স্বধৰ্ম, স্বকৰ্ম এৰি আনক অন্ধ অনুসৰণ কৰিছে। ইয়াৰ কু-পৰিণাম স্বৰূপে এসময়ত তেওঁলোকে নিজৰ দৃষ্টিত নিজেই অপৰিচিত হৈ পৰে। পথসন্ধিত ৰৈ দিক-বিদিক হেৰুৱায়। তেওঁলোকক অনেক যন্ত্ৰণাই বিদীৰ্ণ কৰে। তেনে ক্লান্ত, ৰুগ্ন, হতাশগ্ৰস্ত শৰীৰ-মনক পুনৰুজ্জীৱিত কৰি তুলিব পাৰে প্ৰাৰ্থনাৰ মহাশক্তিয়ে।
প্ৰাৰ্থনা মাথোঁ ঈশ্বৰ সাধনাৰ নামান্তৰ নহয়, ই হৈছে আমি নিজেই নিজক আৱিষ্কাৰ কৰাৰ এক গভীৰ সাধনা। এক অপূৰ্ব কলা। প্ৰাৰ্থনাৰ অফুৰন্ত শক্তিয়ে মনুষ্যক দেখুৱাব পাৰে দেৱত্বলৈ উত্তৰণৰ স্বৰ্ণিল বাট।
প্ৰাৰ্থনাৰ বাবে কোনো বিশাল পয়োভৰৰ প্ৰয়োজন নাই। প্ৰয়োজন নাই নিৰ্দিষ্ট সময়ৰো। দিনটোৰ যিকোনো একান্ত সময়ত প্ৰাৰ্থনাৰ জৰিয়তে পৰমাত্মাৰ নিৰ্গুণ ৰূপ নিজত উপলব্ধি কৰিব পাৰি। শুদ্ধচিত্ত প্ৰাৰ্থনাই মন মগজুক সুস্থিৰতা প্ৰদান কৰি সক্ৰিয় কৰে। উৰ্জা বৃদ্ধি হয়। মানুহক মানৱিক চেতনাৰে উদ্বুদ্ধ কৰে। ব্যক্তিগত বা সামূহিক প্ৰাৰ্থনাই নিঃসন্দেহে চৰাচৰত ধনাত্মক প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।
’প্ৰাৰ্থনা’ শব্দটোতে লুকাই থাকে অসীম সাহস, বিশ্বাস, স্থৈৰ্য আৰু আত্মবিশ্বাস উদ্ৰেক কৰিব পৰা সৰ্বোচ্চ শক্তি। প্ৰাৰ্থনা হৈছে বিশ্বনিয়ন্তাৰ সৈতে মনঃসংযোগ স্থাপন কৰাৰ একমাত্ৰ সুচল মাধ্যম। কাৰণ ঈশ্বৰৰ সৈতে আমি মোবাইল, ইন্টাৰনেট, ই-মেইল, চিঠি-পত্ৰ বা কোনো উন্নত প্ৰযুক্তিৰ সহযোগত সংযোগ স্থাপন কৰাতো সম্ভৱ নহয়। সম্ভৱ মাথোঁ একমাত্ৰ প্ৰাৰ্থনাৰ মাধ্যেমেৰে। প্ৰাৰ্থনা শব্দটো ইমানেই শক্তিশালী যে যাৰ মাত্ৰ অনুভৱেই মনুষ্যক সমস্ত দুৰ্ভাৱনাৰ পৰা মুক্ত কৰি প্ৰচণ্ড আত্ম-শক্তি জগাই মনলৈ বোৱাই আনে প্ৰশান্তিৰ অন্তহীন স্ৰোত।
-হিয়া দাস
(শুৱালকুছি উত্তৰ সিদ্ধেশ্বৰ পাহাৰ)