শৈশৱৰ বন্ধু যেতিয়া ঘাতক হয়…

দুয়ো শৈশৱৰ পৰা একেলগে পঢ়িছিল। সহজ কথাত দুয়ো শৈশৱৰ বন্ধু। এজন বিশ্বজিত হাজৰিকা আৰু আনজন অজয় কলিতা। পৰবৰ্তীকালত নিজ নিজ কৰ্মসংস্হাপনে অতিবাহিত কৰিছিল দুয়ো। পিছে অজয় কলিতাৰ লোভ হৈছিল সহজে ধন ঘটি ধনী হোৱাৰ। কেইজনমান সংগী গোটাই ২০২২ বৰ্ষৰ ৯ অক্টোবৰত খাপ দিয়ে চিকাৰলৈ। চিকাৰ আছিল শৈশৱৰ বন্ধু বিশ্বজিত। কৰ্মস্থলীৰ পৰা ঘৰলৈ আহি থকা বিশ্বজিতক দলটোৱে অপহৰণ কৰি লৈ যায় নেলীলৈ। এটা নিৰ্মিয়মান বাথৰূমত বন্দী কৰি মুক্তিপন দাবী কৰে ৪০ লাখ টকা। টকাৰ আশাত বন্দী অজয়ৰ নিৰ্দেশত সমগ্ৰ দৃশ্য মোবাইত বন্দী কৰে দেবজিত ডেকাই।

এই গৰাকী আকৌ নৰ্থ ইষ্ট নাওঁ নামৰ পোৰ্টেল এটাৰ ভিডিঅ সম্পাদক। তাৰ পিছত অজয়হঁতে বিশ্বজিতক হত্যা কৰি কিলিং নদীত বেলাই দিয়ে। অজয়ৰ পৰিয়ালে আৰক্ষীক অবগত কৰিছিল সবিশেষ। কিন্তু জীৱন্তে উদ্ধাৰ নহ’ল বিশ্বজিত। ২০২২ বৰ্ষৰ ১ নবেম্বৰত কিলিং নদীত উদ্ধাৰ হৈছিল এটা অচিনাক্ত মৃতদেহ। সমগ্ৰ বিষয়টো স্থবিৰ হৈ পৰাত বিশ্বজিতৰ পৰিয়ালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সহায় বিচাৰি প্ৰাৰ্থনা জনায়। দিগন্ত বৰাৰ তৎপৰতাত আটক কৰা হয় ৰংহাং উপাধিৰ এজন যুবকক। আৰু তাৰ পিছতেই ৰহস্যৰ পৰ্দা মেল খাই ওলাই পৰে বিশ্বজিত হাজৰিকাৰ মৃত্যুৰ ৰহস্য। নেলী আৰক্ষীৰ তৎপৰতা নোহোৱাৰ লগতে নিষ্ক্ৰিয়তাৰ বাবেই হেৰাই গ’ল এটা জীৱন। বৰ্তমান আৰক্ষীৰ জালত অজয়ৰ কলিতা, দেবজিত ডেকা, সঞ্জয় ভগত, পৰশ চেত্ৰী , ময়ূৰ নাথ আৰু প্ৰবন ৰাংহাং। শৈশৱৰ বন্ধুৱেই সহজ ধনৰ লোভত নিষ্ঠুৰ ভাবে হত্যা কৰিলে বন্ধুক।

Related Articles