পাকিস্তানৰ মুদ্ৰাস্ফীতিঃ গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২১০ টকা, প্ৰতি কেজি চিকেনৰ বাবে ৫০০ টকা। ৰাজনৈতিক অস্থিৰতাই জুৰুলা পাকিস্তানত বৰ্তমান সামগ্ৰীৰ দাম ইমানেই বৃদ্ধি পাইছে যে সাধাৰণ জনতাৰ বাবে এয়া এক আতংক। দেশত এতিয়া আকাশলংঘী হৈছে প্ৰায় প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম।
পাকিস্তানত গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২১০ পাকিস্তানী টকা, ব্ৰইলাৰ চিকেনৰ দাম প্ৰতি কেজিত ৫০০,স্থানীয় হাঁহ-কুকুৰাৰ মাংসৰ মূল্য প্ৰতি কেজিত ৭৮০ টকালৈ বৃদ্ধি।