কানাডাস্থিত গেংষ্টাৰ লখবীৰ সন্ধুৰ তথ্যৰ বাবে NIA-এ ঘোষণা কৰিছে ১৫লাখ টকাৰ পুৰস্কাৰ

কানাডাৰ গেংষ্টাৰ লখবীৰ সিং সন্ধু ওৰফে লাণ্ডাৰ বিৰুদ্ধে ১৫ লাখ ₹ৰ বাউন্টি ঘোষণা কৰিছে নেশ্যনেল ইনভেষ্টিগেচন এজেন্সীয়ে।

লাণ্ডাৰ যিকোনো তথ্যৰ বাবে নগদ পুৰস্কাৰ ঘোষণা কৰাৰ সময়ত এন আই এয়ে কয় যে তথ্যদাতাৰ পৰিচয় গোপন ৰখা হ’ব৷

File photo;;lakhbir singh landa

২০২২ চনত মোহলীৰ পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা মুখ্য কাৰ্যালয়ত গ্ৰেনেড আক্ৰমণৰ সৈতে জড়িত গেংষ্টাৰজন পঞ্জাৱত কেইবাটাও সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু পাকিস্তানৰ পৰা অস্ত্ৰ সৰবৰাহত জড়িত।

লখবীৰৰ ঘৰ পঞ্জাৱৰ টাৰ্ণ তাৰান আৰু বৰ্তমান তেওঁ কানাডাৰ আলবাৰ্টা প্ৰদেশৰ এডমন্টনত বাস কৰা বুলি ধাৰণা কৰা হৈছে।

Related Articles