শিৱসেনাৰ নাম আৰু চিহ্ন ‘ক্ৰয়’ কৰিবলৈ ২,০০০ কোটি টকাৰ চুক্তি হৈছিল: সঞ্জয় ৰাউতৰ বিস্ফোৰক অভিযোগ

দলৰ নাম, প্ৰৰতীক চিহ্ন হেৰুৱাই এতিয়া দিকভ্ৰান্ত হৈ পৰিছে শিৱসেনা (উদ্ধৱ বালাচাহেব ঠাকৰে)ৰ নেতা সঞ্জয় ৰাউত। ৰাউতে দেওবাৰে দাবী কৰে যে শিৱসেনা দলৰ নাম আৰু ইয়াৰ ‘ধনু -তীৰ’ চিহ্ন “ক্ৰয়” কৰিবলৈ “২০০০ কোটি টকাৰ চুক্তি” কৰা হৈছিল। অৱশ্যে ৰাউতৰ অভিযোগ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দে শিবিৰৰ বিধায়ক সদা সৰ্বঙ্কৰে খাৰিজ কৰি সুধিছে, “সঞ্জয় ৰাউত কেছিয়াৰ নেকি?”ৰাউতে এটা টুইটত দাবী কৰিছে যে ২,০০০ কোটি টকা এইক্ষেত্ৰত খৰচ কৰা হৈছে আৰু এয়া ১০০ শতাংশ সঁচা কথা। তেওঁ সাংবাদিকসকলক এইবুলিও কয় যে প্ৰশাসনৰ এজন ঘনিষ্ঠ লোকে তেওঁক এই তথ্য দিছে।ৰাজ্যসভাৰ সদস্যজনে কয় যে তেওঁৰ দাবীৰ প্ৰমাণ আছে আৰু সেয়া তেওঁ সোনকালেই প্ৰকাশ কৰিব।নিৰ্বাচন আয়োগে শুকুৰবাৰে একনাথ চিন্দে নেতৃত্বাধীন গোটক প্ৰকৃত শিৱসেনা হিচাপে স্বীকৃতি দিয়ে আৰু চিন্দে শিবিৰকে ‘ধনু আৰু তীৰ’ নিৰ্বাচনৰ প্ৰতীক আৱণ্টন কৰাৰ নিৰ্দেশ দিয়ে।

৭৮ পৃষ্ঠাৰ এক নিৰ্দেশত নিৰ্বাচন আয়োগে উদ্ধৱ ঠাকৰে গোটক ৰাজ্যখনৰ বিধানসভা উপ-নিৰ্বাচন সম্পূৰ্ণ নোহোৱালৈকে দলটোৰ বাবে আৱণ্টিত “জ্বলন্ত মশাল” নিৰ্বাচনৰ প্ৰতীক হিচাবে ৰাখিবলৈ অনুমতি দিছিল।ৰাউতে দেওবাৰে কয় যে শিৱসেনাৰ নামটো “ক্ৰয়” কৰিবলৈ ২,০০০ কোটি টকা ব্যয় কৰাটো সাধাৰণ কথা নহয়।”ইচিৰ সিদ্ধান্ত এটা চুক্তি,” বুলিও তেওঁ গুৰুতৰ অভিযোগ কৰে।ৰাউতে কয় “মোৰ ওচৰত নিৰ্ভৰযোগ্য তথ্য আছে যে শিৱসেনাৰ নাম আৰু ইয়াৰ প্ৰতীক পাবলৈ ২০০০ কোটি টকাৰ চুক্তি হৈছে। সকলো কথা সোনকালেই প্ৰকাশ কৰা হ’ব। দেশৰ ইতিহাসত এনে ঘটনা আগতে কেতিয়াও ঘটা নাছিল”।

Related Articles