লখিমপুৰৰ নাওবৈচা সমষ্টিৰ বঙালমৰাস্থিত ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন লোকসভাৰ সদস্য প্ৰদান বৰুৱাৰ…

আজি লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত ছাত্তাৱানৰ সৈতে নাওবৈচা সমষ্টিৰ বঙালমৰাস্থিত ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰি ধান সংগ্ৰহ প্ৰক্ৰিয়াৰ লগতে মত-বিনিময়ৰ মাজেদি বিভিন্ন দিশৰ বুজ লই লখিমপুৰৰ লোকসভাৰ সদস্য প্ৰদান বৰুৱাই।যিহেতু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ন্যূনতম সমৰ্থিত মূল্য (MSP) ২০৪০/- টকা দৰত ধান ক্ৰয় কৰি আছে ৷

সেয়েহে, লখিমপুৰৰ লোকসভাৰ সদস্য প্ৰদান বৰুৱাই স্থানীয় ৰাইজক আহ্বান জনাই যাতে ৰাজ্য চৰকাৰৰ দ্বাৰা স্থাপন হোৱা এই ধান বিক্ৰী কেন্দ্ৰত ন্যূনতম সমৰ্থিত মূল্যত ধান বিক্ৰী কৰি আৰু চৰকাৰে প্ৰদান কৰা এই সুবৰ্ণ সুযোগ লাভ কৰি উপকৃত হয়।

Related Articles