Breaking

গৰ্ভাৱস্থাত মূৰৰ বিষক আওকাণ নকৰিব, মাতৃ আৰু সন্তানৰ বাবে সমস্য়া হোৱাৰ সম্ভাৱনা…

0 228

সাধাৰণতে গৰ্ভাৱস্থাৰ ২০ সপ্তাহৰ পিছত প্ৰিক্লেম্পচিয়া হয় আৰু ই মাতৃ আৰু ভ্ৰুণ উভয়ৰে বাবে ভাবুকি কঢ়িয়াই আনে এই সময়ত গৰ্ভৱতী মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অতি সাৱধান হোৱা প্ৰয়োজন। গৰ্ভৱতী মহিলাক প্ৰভাৱিত কৰিব পৰা বহু বস্তুৰ ভিতৰত প্ৰিক্লেম্পচিয়া নামৰ এক গুৰুতৰ ৰক্তচাপৰ অৱস্থা। “প্ৰিক্লেম্পচিয়া ৰোগত আক্ৰান্ত গৰ্ভৱতী মাতৃৰ উচ্চ ৰক্তচাপ আৰু প্ৰস্ৰাৱত প্ৰ’টিনৰ মাত্ৰা বৃদ্ধি পায়, যাক প্ৰটিন ইউৰিয়া বুলি কোৱা হয়। সাধাৰণতে গৰ্ভাৱস্থাৰ ২০ সপ্তাহৰ পিছত এই ৰোগ হয় আৰু ই মাতৃ আৰু ভ্ৰুণ উভয়ৰে বাবে বিপদৰ সৃষ্টি কৰে। যিসকলৰ প্ৰস্ৰাৱত প্ৰ’টিনৰ মাত্ৰা অধিক বিপজ্জনক।”

প্ৰিক্লেম্পচিয়া কিমান সাধাৰণ?
বিশ্বৰ প্ৰায় ১০ শতাংশ মহিলাৰ গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপৰ সমস্যা হয়। ইয়াৰে তিনিৰ পৰা পাঁচশতাংশই প্ৰিক্লেম্পচিয়া ৰোগত আক্ৰান্ত।এটা গৱেষণাৰ মতে ভাৰতৰ ৭.৮ শতাংশ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপৰ ৰোগী ধৰা পৰিছে, ইয়াৰে ৫.৪ শতাংশ প্ৰিক্লেম্পচিয়া ৰোগত আক্ৰান্ত।

একাধিক সন্তানৰ আশা কৰা
প্ৰিক্লেম্পচিয়াৰ পাৰিবাৰিক ইতিহাস
উচ্চ ৰক্তচাপ, ডায়েবেটিছ, বা বৃক্কৰ ৰোগৰ ইতিহাস
মেদবহুলতা
হৰম’নৰ বিকাৰ
প্ৰিক্লেম্পচিয়া হ’লে এই লক্ষণসমূহ দেখা দিয়ে
দৃষ্টিশক্তি অস্পষ্ট
দৃষ্টিশক্তিত ক’লা দাগ
সোঁফালৰ পেটৰ বিষ
মূৰৰ বিষ
হাত আৰু মুখ ফুলা
উশাহ লোৱাত কষ্ট পোৱা


প্ৰিক্লেম্পচিয়াৰ সমস্যা কিয় হয়?
প্ৰিক্লেম্পচিয়াৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও ই প্লেচেণ্টাৰ স্বাস্থ্যৰ লগত জড়িত বুলি ধাৰণা কৰা হৈছে।প্ৰিক্লেম্পচিয়াৰ সময়ত প্লেচেণ্টাৰ তেজৰ মাত্ৰা কমি যাব পাৰে, যাৰ ফলত মাতৃ আৰু ভ্ৰুণ উভয়ৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত অকাল প্ৰসৱও হ’ব পাৰে, যাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু জন্মৰ সময়ত ওজন কম হোৱাৰ দৰে স্বাস্থ্যজনিত জটিলতা হ’ব পাৰে

প্ৰিক্লেম্পচিয়া হোৱাৰ সম্ভাৱনা কাৰ বেছি?
প্ৰথম গৰ্ভাৱস্থাত এই সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বেছি।
যদি কোনো গৰ্ভৱতী মহিলাৰ ইতিমধ্যে উচ্চ ৰক্তচাপ আছে।
গৰ্ভৱতী মহিলাৰ মাতৃ বা ভগ্নীৰ প্ৰিক্লেম্পচিয়া হৈছে।
যিসকল মহিলা মেদবহুল বা যাৰ বিএমআই ৩০তকৈ অধিক।
গৰ্ভাৱস্থাৰ পূৰ্বে বৃক্কৰ সমস্যা হোৱা মহিলা।
২০ বছৰৰ তলৰ আৰু ৪০ বছৰৰ ওপৰৰ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই আশংকা বেছি।

Leave A Reply

Your email address will not be published.