কোভিডৰ টিকাকৰণৰ ফলত ভাৰতত ৰক্ষা পৰিছে ৩৪ লাখৰো অধিক লোকৰ প্ৰাণ


কোভিডে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে ভাৰততো তাৰ ব্যতিক্ৰম ঘটা নাছিল। ভাৰতত সময় মতেই কৰা হৈছিল টিকাকৰণ অভিযান। টিকাকৰণে ভাৰতত ৩৪ লাখতকৈও অধিক লোকৰ জীৱন ৰক্ষা কৰাত সহায় কৰিছিল আৰু ১৮.৩ বিলিয়ন আমেৰিকান ডলাৰৰ লোকচান প্ৰতিহত কৰিছিল।

সেহতীয়াকৈ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এক প্ৰতিবেদনত এই কথা কোৱা হৈছে। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ‘হিলিং দা ইকনমি: এষ্টিমেটিং দা ইকনমি অন ইণ্ডিয়াজ ভেকচিনেছন এণ্ড ৰিলেটেড ইছ্যুজ’ শীৰ্ষক গৱেষণা পত্ৰ খন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই ৰাজহুৱা কৰিছে।

পত্ৰ খনত কোভিড-১৯ৰ প্ৰভাৱৰ বিষয়ত আলোকপাত কৰি ভাৰতৰ কোভিড-১৯ টিকাকৰণ অভিযানে ৩৪ লাখৰো অধিক লোকৰ জীৱন ৰক্ষা কৰিছে বুলি উল্লেখ কৰা হৈছে। পত্ৰ খনত কোৱা হৈছে যে নিম্নস্তৰত শক্তিশালী পদক্ষেপ যেনে ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ তথ্য সংগ্ৰহ, ব্যাপক কোভিডৰ পৰীক্ষা, ঘৰতে আবদ্ধ হৈ থকা, অত্যাৱশ্যকীয় চিকিৎসা সঁজুলি বিতৰণ, স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণ, ৰাজ্য আৰু জিলা পৰ্যায়ৰ কৰ্মীসকলৰ মাজত নিৰন্তৰ সমন্বয়ে কেৱল কৰোনাভাইৰাছৰ বিস্তাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰা নাছিল, লগতে ই স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধি কৰাত সহায় কৰিছিল।

ইয়াত কোৱা হৈছে যে ভাৰতৰ ৰণনীতিৰ তিনিটা স্তম্ভ – নিয়ন্ত্ৰণ, সাহায্য পেকেজ আৰু ভেকছিন প্ৰদান – এ জীৱন ৰক্ষা কৰাত সহায় কৰিছিল।


টিকাকৰণ অভিযানে ১৮.৩ বিলিয়ন আমেৰিকান ডলাৰৰ লোকচান প্ৰতিহত কৰিবলৈ সক্ষম হোৱা বুলিও গৱেষণা পত্ৰ খনত কোৱা হৈচে।

মনসুখ মান্দাৱিয়াই প্ৰধানমন্ত্ৰী মোদীৰ আগতীয়া কোভিড-১৯ লকডাউনৰ সিদ্ধান্তকো প্ৰশংসা কৰে।
গৱেষণা পত্ৰ খন মুকলি কৰি মনসুখ মাণ্ডৱিয়াই কয় যে ভাৰতে এক সক্ৰিয়, প্ৰাৰম্ভিক আৰু শ্ৰেণীবদ্ধ প্ৰচেষ্টাৰে কোভিডৰ সৈতে যুঁজ দিছিল।

Related Articles