গজালি ওলোৱা শস্য অতি পুষ্টিকৰ। ই আপোনাৰ শৰীৰৰ বহু প্ৰয়োজন পূৰণ কৰিবলৈ সক্ষম। গজালি ওলোৱা শস্যক ছুপাৰফুড বুলি গণ্য কৰা হয় কাৰণ ইয়াক খালে শৰীৰে বহু উপকাৰ লাভ কৰে। ৰাতিপুৱা ব্ৰেকফাষ্ট হিচাপে গজালি ওলোৱা খাদ্য খোৱাটো আটাইতকৈ উপকাৰী বুলি গণ্য কৰা হয়।শৰীৰক শক্তি প্ৰদান কৰাৰ লগতে বহু পুষ্টিকৰ উপাদানৰ অভাৱ দূৰ কৰে।
বেছিকৈ খোৱা গজালিৰ ভিতৰত বীন আৰু মচুৰ দাইলৰ অংকুৰ অন্যতম। বীন, সৰিয়হ, বাজৰা, বকৱেট, মচুৰ দাইল, মুগু, বাৰ্লি, কুইনোয়া, চজিনা আদি এই সকলোবোৰো অংকুৰিত হিচাপে খোৱা হয়। দৈনন্দিন খাদ্যত তালিকাত অন্তৰ্ভুক্ত কৰক এই খাদ্য সমূহ, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাই নহয়, বহুতো স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি।
গজালি খোৱাৰ উপকাৰিতাৰ
১) ৰোগ প্ৰতিৰোধ ক্ষমতা: আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত বহুতো পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়, যিবোৰ অংকুৰিত শস্যই সহজেই পূৰণ কৰিব পাৰে। অংকুৰে শৰীৰক শক্তিশালী কৰাৰ লগতে বিভিন্ন অংগৰ কাম-কাজত অৰিহণা যোগায়। ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
২) কলেষ্টেৰল পৰিচালনা কৰে: অংকুৰত ওমেগা-৩ ফেটি এচিড থাকে। যিসকল লোকে ভাল কলেষ্টেৰল বঢ়াব লাগে, তেওঁলোকৰ উপকাৰ হ’ব পাৰে।
৩) চকুৰ বাবে উপকাৰী: অংকুৰত ভিটামিন এ থাকে। সময়ৰ লগে লগে অংকুৰিত শস্য সেৱন কৰিলে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়।
৪) ওজন কমাবলৈ সহায়ক: অংকুৰত আঁহৰ পৰিমাণ বেছি। এই কাৰণেই অংকুৰে আপোনাৰ পেট ভৰাই ৰাখে। ইয়াত থকা কেলৰিৰ পৰিমাণো কম। গতিকে ওজন কমাবলৈ চেষ্টা কৰা লোকৰ বাবে ই এক উপকাৰী ছুপাৰফুড।
৫) পেটৰ সমস্যাৰ পৰা সকাহ: অংকুৰত থকা আঁহ পেটৰ বাবে অতি উত্তম বুলি বিবেচিত হয়। ইয়াৰ উপৰিও কোৱা হয় যে ই আপোনাৰ পেটৰ পি এইচ লেভেল স্থিৰ কৰি ৰাখে আৰু এচিডিটি হ্ৰাস কৰে।
৬) চুলিৰ বাবে উপকাৰী: উফি আৰু চুলিৰ অকালতে ধূসৰ হোৱাৰ সমস্যা দূৰ কৰাত অংকুৰ সহায়ক বুলি প্ৰমাণিত। চুলিৰ বৃদ্ধিতো সহায় কৰে।