দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উদ্বোধন কৰিলে আশ্ৰম উৰণীয়া সেঁতু

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে উদ্বোধন কৰে দিল্লী আৰু নয়ডাৰ মাজত অহা-যোৱাত সহজ কৰি তোলাৰ উদ্দেশ্যেৰে আশ্ৰম উৰণীয়া সেঁতুখন। 

১২৮.২৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত এই সেঁতুখন উদ্বোধন কৰি কেজৰিৱালে কয় যে আগতে মানুহে ব্যাপক যান-জঁটৰ সন্মুখীন হৈছিল৷

কিন্তু এতিয়া ভ্ৰমণ সুকলমে হ’ব। দিল্লী যান-বাহন আৰক্ষীয়ে জনোৱা মতে, সন্ধিয়া ৫ বজাৰ পৰা উৰণীয়া সেঁতুখন জনসাধাৰণৰ বাবে মুকলি হ’ব আৰু প্ৰথম অৱস্থাত কেৱল লঘু বাহনৰ অনুমতি দিয়া হ’ব।

Related Articles