Breaking

৬ বছৰ ৪ মাহৰ অন্তত মুকলি আকাশৰ তললৈ আহিল ৰাকেশ পাল

0 98

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত পোহৰলৈ অহা APSC দুৰ্নীতি অভিযোগত কাৰাগাৰলৈ গৈছিল ৰাকেশ পাল৷

অসম লোকসেৱা আয়োগত বক্ৰ পথেৰে চাকৰি ক্ৰয় বিক্ৰয় কৰাৰ অভিযোগত অভিযুক্ত ৰাকেশ পাল ভঙাগড় আৰক্ষী থানাৰ কৃষি বিষয়া নিযুক্তি কেলেংকাৰীৰ গোচৰৰ জামিন লাভৰ লগে লগে মুক্ত আকাশৰ তললৈ আহিল৷

শুকুৰবাৰে বিশেষ আদালতত জামিন লাভ কৰিছিল৷ যাৱতীয় নথি পত্ৰৰ কাম সম্পন্ন কৰি মঙ্গলবাৰে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাল ৰাকেশ পাল৷

কাৰাগাৰৰ পৰা ওলাই ৰাকেশ পালে সংবাদ মাধ্যমৰ সন্মুখত কলে কেন্দ্ৰীয় কাৰাগাৰত বহু উন্নয়ন মূলক কাম কৰাৰ সুযোগ লাভ কৰিলো৷ ইয়াৰ ভিতৰত কাৰাগাৰত নামঘৰ, পাৰ্ক ‍আদি বনোৱা বুলি উল্লেখ৷ 

কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই ৰাকেশ পালে পোনে-পোনে ঘৰলৈ যাত্ৰা কৰে৷

Leave A Reply

Your email address will not be published.