অসম কেবিনেটৰ বিশেষ সিদ্ধান্ত- মৰগীয়া ভাট্টা বৃদ্ধি, শক্তি খণ্ডৰ উৎকৰ্ষ সাধন, খিলঞ্জীয়ালৈ ভূমি প্ৰদান, আন্তঃগাঁথনিমূলক উন্নয়ন…

শুকুৰবাৰে জনতা ভৱনত অসম কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়।

বৈঠকত অসম চৰকাৰৰ অধীনস্থ অসম-মেঘালয় কেডাৰৰ সৰ্বভাৰতীয় সেৱাৰ বিষয়া-কর্মচাৰীৰ মৰগীয়া ভাট্টা বৃদ্ধি, শক্তি খণ্ডৰ উৎকৰ্ষ সাধন, খিলঞ্জীয়ালৈ ভূমি প্ৰদান, আন্তঃগাঁথনিমূলক উন্নয়নৰ ক্ষেত্ৰত কেতবোৰ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আন্তঃগাঁথনি ঋণ বৃদ্ধি


আন্তঃগাঁথনি উন্নীতকৰণৰ দিশত ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে আৰ আই ডি এফ XXVIII ৰ অধীনত অনুমোদিত প্ৰকল্পৰ বাবে নাবাৰ্ডৰ পৰা ২,০৩১.১৪ কোটি টকাৰ ঋণ সংগ্ৰহত অনুমোদন
প্রকল্পসমূহ এনেধৰণৰ

ক)গ্রাম্য পথৰ উন্নীতকৰণ – ১১০
খ)উৰণ সেতু পথ – ১
গ)পথ তথা মথাউৰি – ৫৮
ঘ) বান সুৰক্ষা প্ৰকল্প ৩৮
ঙ)মীন প্রকল্প (বিভাগীয় মাছ উৎপাদনত অতিৰিক্ত আন্তঃগাঁথনি) – ২৩ –
লাভালাভসমূহ:

ক)১,৪১৪খন গাঁৱৰ প্ৰায় ২১.৩ লাখ লোক উপকৃত

খ)জনবসতি থকা অঞ্চলৰ সৈতে প্ৰায় ১,০৮, ১৭৬ হেক্টৰ ভূমি সুৰক্ষিতকৰণ

গ)প্রায় ৫০০ কৃষকক লাভান্বিত হোৱাকৈ মীন প্রকল্প

মৰগীয়া ভাট্টা বৃদ্ধি


১)২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰৰ অধীনস্থ অসম-মেঘালয় কেডাৰৰ সৰ্বভাৰতীয় সেৱাৰ বিষয়া/এ আই এছ পেঞ্চনাৰ/ৰাজ্য চৰকাৰৰ কৰ্মৰত কৰ্মচাৰী/ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ পৰিয়াল পেঞ্চনধাৰী/উল্লেখনীয় পেঞ্চনধাৰীলৈ বৰ্তমানৰ ৩৮% ৰ পৰা ৪২%লৈ মৰগীয়া ভাট্টা বৃদ্ধি
২)অসম সেৱা (আৰ অ’ পি)ৰ নিয়মাৱলী, ২০১৭ অনুসৰি কৰা মৰগীয়া ভাট্টা/মৰগীয়া সাহায্যৰ পুনৰীক্ষণ
৩)বৰ্ধিত মৰগীয়া ভাট্টাসমূহৰ বাবে প্ৰতিমাহে অতিৰিক্ত ৭৯.৫৭ কোটি টকা প্রদান


খিলঞ্জীয়ালৈ ভূমি
১)গৃহ সুবিধা প্ৰদানৰ হেতু বিভিন্ন জিলাত বাস কৰা ৭৬০টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ পক্ষত ভূমি নিষ্পত্তি

৩)নিষ্পত্তিৰ পৰামৰ্শদায়ী এছ ডি এল এ চি সভাৰ নিৰ্ধাৰণ মর্মে প্রযোজ্য হ’বলগীয়া নিষ্পত্তি প্রিমিয়াম সম্ভাব্য নিষ্পত্তি ধাৰকসকলৰ দ্বাৰা পৰিশোধ
২)ই প্রশাসনিক দক্ষতা উন্নত কৰাৰ উপৰি দীৰ্ঘদিন ধৰি বসতিৰ বাবে অপেক্ষাৰত খিলঞ্জীয়া ভূমিহীন পৰিয়ালসমূহক সকাহ প্ৰদান কৰিব

শক্তি খণ্ডৰ বিকাশ


১)৪,০০০ কোটি টকা ব্যয়সাপেক্ষে মুখ্যমন্ত্রী সৌৰ শক্তি প্ৰকল্পৰ অধীনত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ দ্বাৰা অভিযান্ত্ৰিক ক্ৰয় আৰু নিৰ্মাণ মাধ্যমত ১,০০০ মেগাৱাট সৌৰ শক্তি প্রকল্প নির্মাণ
২)অভিযান্ত্রিক ক্রয় আৰু নিৰ্মাণ মাধ্যমৰ অধীনত ৮০০ কোটি টকা ব্যয়ৰ প্ৰকল্পটোৰ বিপৰীতে ২০% অংশীদাৰিত্বৰ ৰাজ্যিক কাউণ্টাৰপাৰ্ট ফাণ্ডিঙৰ বাবে নীতিগত অনুমোদন
৩)অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালকক কাৰ্বি আংলং জিলাত প্ৰকল্পটো ৰূপায়ণৰ বাবে নিবিদা আমন্ত্ৰণ আৰু অন্যান্য পদ্ধতিগত আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ কৰ্তৃত্ব প্রদান
লাভালাভসমূহ


ক)প্ৰতি বছৰে আনুমানিক ১,৯৮৮ মেগা ইউনিট শক্তি উৎপাদন কৰা
খ)এক্ট ইষ্ট নীতি ত্বৰান্বিত কৰাৰ বাবেও প্রধান গতিশীলতা প্রদানকাৰী উপাদান হিচাপে ৰূপায়ণ

গ)ভাৰতৰ বহনক্ষম উন্নয়ন লক্ষ্য – ২০৩০ৰ ৭ নম্বৰ প্ৰধান লক্ষ্য – সকলোৰে বাবে সুলভ, নিৰ্ভৰযোগ্য, বহনক্ষম আৰু আধুনিক শক্তিৰ সুবিধা নিশ্চিত কৰা আৰু ৮ নম্বৰ প্ৰধান লক্ষ্য ঃ বহনক্ষম, সর্বাংগীণ আৰু বহনক্ষম অৰ্থনীতিৰ প্ৰসাৰ লক্ষ্য পূৰ্ণৰ দিশত অৰিহণা যোগোৱা
ঘ)নৱীকৰণযোগ্য শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ দিশত অৰিহণা যোগোৱা আৰু ৰাজ্যৰ শক্তি সুৰক্ষা বৃদ্ধি

Related Articles