মাজুলী জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ ৰামসাগৰ নাথক ৰাজহুৱা সম্বৰ্ধনা সভাত ব্যাপক আদৰণী। অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য তথা যোৰহাট জিলা সাহিত্য সভাৰ দুটা কাৰ্যকালৰ প্ৰাক্তন উপসভাপতি একেধাৰে শিল্পী-সাহিত্যিক-শিক্ষাবিদ-সংগঠক তথা ৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰামসাগৰ নাথ মাজুলী জিলা সাহিত্য সভাৰ সভাপতি হিচাপে জিলা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ নিৰ্বাচনত নিৰ্বাচিত হৈছে | অসম সাহিত্য সভাৰ নৱতম জিলা সভা হিচাপে ২০১৮ চনত প্ৰস্তাৱিত মাজুলী জিলা সাহিত্য সভাৰ মুখ্য আহ্বায়ক তথা সমন্বয়ক হিচাপে গুৰু দায়িত্ব পালন কৰি মাজুলীত ব্যাপক হাৰত আজীৱন সভ্যভৰ্তি অভিযান গঢ়ি তুলি ১৭ খন শাখা সাহিত্য সভাক সক্ৰিয় কৰি মাজুলীক পূৰ্ণাংগ জিলা সাহিত্য সভা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ৰামসাগৰ নাথৰ সুদক্ষ নেতৃত্বতে যোৰহাট জিলা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক মাজুলী ৰঙাচাহী অধিৱেশনৰ সফল ৰূপায়ন হৈছিল |
ৰঙাচাহী আঞ্চলিক শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, সমন্বয় শাখা সাহিত্য সভা পুৰণিবাৰীৰ প্ৰতিষ্ঠা কৰি সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা নাথে যোৰহাট জিলা সাহিত্য সভাৰ মাজুলী-গড়মূৰ পূৰ্ণাংগ অধিৱেশন ১৯৯৬ত পৃষ্ঠপোষকৰ গুৰুদায়িত্ব পালন কৰিছিল | বিগত পঞ্চাশ বছৰৰো অধিক কাল অসম সাহিত্য সভাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকি বিভিন্ন ধৰণে সেৱা আগবঢ়োৱা সংগঠক গৰাকীয়ে অসম সাহিত্য সভাৰ অধিৱেশনলয়ত বহুকেইবাৰ জিলা প্ৰতিনিধি, শাখা প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছে | অসম প্ৰাদেশিক যোগী সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি, সন্মিলিত জাতি সুৰক্ষা পৰিষদ মাজুলীৰ সভাপতি, মাজুলী জিলা যোগী সন্মিলনীৰ দুটা কাৰ্যকালৰ সভাপতি, পঞ্চৰত্ন যোগী গাঁও উন্নয়ন সমিতিৰ সভাপতি, শিক্ষাকোষ মাজুলী মহকুমা ছাত্র সন্থাৰ কেইবাবছৰৰ সভাপতি , সত্র মহাসভা মাজুলীৰ উপদেষ্টা হিচাপে সেৱা আগবঢ়োৱাৰ লগতে অসমৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে | কবিতা পুথি ‘আলোক সন্ধান’, প্ৰবন্ধ পুথি ‘ঈশ্বৰ মানুহ শিক্ষা’, গল্প পুথি ‘চিনাকী মানুহৰ অচিনাকী গল্প’, উপন্যাস ‘শ্বাস্বত প্ৰেমৰ ভাস্বত কাহিনী’ৰ স্ৰষ্টা ৰামসাগৰ নাথে বিভিন্ন গ্ৰন্থ-আলোচনীত ধাৰাবাহিকভাৱে প্ৰবন্ধ প্ৰকাশ কৰাৰ উপৰিও ‘অগ্ৰগামী’কে প্ৰমুখ্য কৰি বহুকেইখন গ্ৰন্থৰ সম্পাদনা কৰি অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছে | জীৱনজোৰা শিক্ষা সাধনা বঁটা, জীৱন সমৃদ্ধ বটাঁ, জীৱনজোৰা সাধনা বঁটাৰে বিভূষিত হোৱা এইগৰাকী সমাজপ্ৰিয় সাহিত্যিকৰ জয়লাভে মাজুলীৰ লগতে অসমৰ সাহিত্যপ্ৰেমীক উৎফুল্লিত কৰি তুলিছে |
জনপ্ৰিয় শিক্ষাবিদ গৰাকীয়ে জিলা সাহিত্য সভাৰ সভাপতি পদত জয়লাভ কৰাৰ পিছতে উত্তৰ কমলাবাৰী শাখা সাহিত্য সভা, ৰঙাচাহী আঞ্চলিক শাখা সাহিত্য সভা, সমন্বয় শাখা সাহিত্য সভা পুৰণিবাৰী, মধ্য মাজুলী শাখা সাহিত্য সভা, গড়মূৰ শাখা সাহিত্য সভা, তৰুণ চন্দ্ৰ পামেগাম শাখা সাহিত্য সভা, পশ্চিম গড়মূৰ শাখা সাহিত্য সভা, মাজুলী জিলা নাথ যোগী সন্মিলনী প্ৰমুখ্যে বিভিন্ন দল-সংগঠনে-ব্যক্তি বিশেষে চেলেং-চাদৰ আৰু গামোচাৰে আদৰণি জনোৱাৰ লগতে অসম সাহিত্য সভাৰ নেতৃবৰ্গ, অসম প্ৰাদেশিক যোগী সন্মিলনীৰ বিষয়ববীয়া সকলে শুভেচ্ছা জ্ঞাপন কৰে | বিয়লি ৬ বজাত নৱনিৰ্বাচিত সভাপতি ৰামসাগৰ নাথ মাজুলীৰ পুৰণিবাৰীস্থিত নিজা বাসগৃহত উপস্থিত হোৱাৰ লগে লগে সমন্বয় শাখা সাহিত্য সভাৰ অন্তৰ্গত সাহিত্যপ্ৰেমী আৰু অঞ্চলবাসীয়ে গায়ন-বায়নৰে বিপুল আদৰণী জনোৱাৰ লগতে দুই শতাধিক সাহিত্যপ্ৰেমীৰ অংশগ্ৰহণত পুৰণিবাৰী প্ৰাথমিক বিদ্যালয়ত শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি আনন্দ নাথৰ সভাপতিত্বত ৰাজহুৱা সম্বৰ্ধনা সভা অনুষ্ঠিত হয় | অৰ্ধশতাধিক দ’ল-সংগঠনে গামোচা-অংগ বস্ত্রৰে আদৰণি জনোৱা সভাখনত অসম সাহিত্য সভাৰ আমন্ত্রিত কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্ত, অসম সাহিত্য সভাৰ কুঁহি সমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথ, মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্যোতি ৰেগন, সহকাৰী সম্পাদক মহিম চন্দ্ৰ নাথ, মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰা, উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি প্ৰণৱজিত মিশ্ৰ, উপসভাপতি অনুপ্ৰভা দেৱী, সম্পাদক কৃষাৰাণী শইকীয়া বৰুৱা, ৰূপজ্যোতি নাথ, সাংবাদিক জগন্নাথ কলিতা, ৰাকেশ বণিক উপস্থিত থাকি সহযোগিতা আগবঢ়ায় | শাখাৰ সম্পাদক গোলাপ চন্দ্ৰ নাথে আঁত ধৰা ৰাজহুৱা সম্বৰ্ধনা সভাখনত মনৰ অনুভৱ ব্যক্ত কৰি কয় যে অসম সাহিত্য সভাৰ ভিতৰত মাজুলী জিলা সাহিত্য সভাক অন্যতম জিলা হিচাপে গঢ়ি তোলাৰ লগতে অৰ্ধশতাধিক শাখা সাহিত্য সভা গঠনেৰে সাংগঠনিক দিশত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব | তেওঁ লগতে কয় যে জিলা সাহিত্য সভাখনক চহৰ কেন্দ্ৰীক কৰাৰ বিপৰীতে অধিক গাঁওমুখী কৰাৰ ব্যৱস্থা কৰিব লাগিব |
অন্যহাতে কালি বিয়লি ৫ বজাত কমলাবাৰীস্থিত লিউপাৰ্ড ক্লাবত মুখ্য নিৰ্বাচনী বিষয়া চৰকাৰী উকিল হৰেণ বৰাৰ তদাৰকত সম্পন্ন হোৱা নিৰ্বাচনত মাজুলী জিলাৰ সাহিত্য সভাৰ সভাপতি পদত ৰামসাগৰ নাথ, উপসভাপতি পদত ৰুবী বৰা আৰু সম্পাদক পদত কেশৱ কাকতিক বিজয়ী ঘোষণা কৰে |