Breaking

চাকৰি এৰি অভিনয় কৰিছিল এইসকল বলিউদৰ অভিনেত্ৰীয়ে। এতিয়া সন্মুখীন হৈছে প্ৰত্যাহ্বানৰ…

0 95

অভিনয়ৰ বাবে চাকৰি ত্যাগ কৰা বলীউডৰ অভিনেত্ৰী সকলৰ বিষয়ে আজি আপোনালোকক জনাম।বলীউডৰ বহু শীৰ্ষ অভিনেত্ৰী গ্লেমাৰ জগতৰ অংশ হোৱাৰ আগতে ৯ৰ পৰা ৫টা কাম কৰিছিল। কিন্তু তাৰ পিছত চাকৰিৰ পৰা বিদায় লৈ বলীউডৰ বাট ল’লে। এই অভিনেত্ৰী সকল কোন কোন জানেনে-

জেকলিন ফাৰ্নাণ্ডেজঃ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজক শীৰ্ষ অভিনেত্ৰীৰ ভিতৰত গণ্য কৰা হয়। কিন্তু খবৰ অনুসৰি জেকলিন এগৰাকী সাংবাদিক আছিল, ছিডনীৰ পৰা গণসংযোগ অধ্যয়ন কৰিছিল জেকলিন। জেকলিন বৰ ধুনীয়া, সেয়েহে মডেলিং চেষ্টা কৰিছিল আৰু সেয়াই তেওঁৰ ভাগ্যত পৰিণত হৈছিল।

সোহা আলী খান: সোহাই অভিনয়ৰ পূৰ্বে বেংকত কাম কৰিছিল। লণ্ডন স্কুল অৱ ইকনমিক্স এণ্ড পলিটিকেল ছায়েন্সৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লোৱা সোহা আলী খান বৰ্তমান ছবিৰ পৰ্দাৰ পৰা আঁতৰত আছে যদিও বহু উৎকৃষ্ট ছবিত শক্তিশালী চৰিত্ৰত অভিনয় কৰিছিল।

পৰিনীতি চোপ্ৰাঃ ইকনমিক্স অনাৰ্ছৰ অধ্যয়ন সম্পূৰ্ণ কৰা পৰিনীতি চোপ্ৰাই বলিউদত প্ৰৱেশ কৰাৰ লগে লগে অভিনেত্ৰী হোৱা নাছিল যদিও আগতে পি আৰ টিমৰ সৈতে কাম কৰিছিল।

তাপসী পান্নুঃ ছবিৰ অনন্য আৰু ভিন্ন চৰিত্ৰৰ বাবে পৰিচিত তাপসী পান্নু। কিন্তু চফটৱেৰ ইঞ্জিনিয়াৰ তাপসীয়ে ইয়াৰ পূৰ্বে ব্যক্তিগত কাৰ্যালয়ত কাম কৰিছিল। কিন্তু তাৰ পিছত সেই কাম এৰি অভিনয়ৰ ভাগ্য পৰীক্ষা কৰিবলৈ আহিল আৰু প্ৰথমে তাই চাউথত কাম পালে।

আমীশা পেটেলঃ কোৱা হয় যে আমিশা পেটেলে এটা কোম্পানীত অৰ্থনীতি বিশ্লেষক হিচাপে কাম কৰি আছিল যেতিয়া ৰাকেশ ৰোশনে তেওঁক ‘কহো না প্যাৰ হায়’ৰ প্ৰস্তাৱ দিছিল। ছবিখনে দৰ্শকৰ পৰা বিপুল সহাঁৰি লাভ কৰিছিল আৰু তেওঁ বলীউডতে থাকি গ’ল।

Leave A Reply

Your email address will not be published.