Breaking

স্বাস্থ্য ভালে ৰাখিবলৈ ৰাতিপুৱা খালী পেটত এই কেইবিধ খাদ্য খাওঁক…

0 218

বাদাম -বাদাম যথেষ্ট পুষ্টিৰে সমৃদ্ধ। বাদামত প্ৰ’টিন, আইৰণ, ফছফৰাছ, আঁহ আদিৰ দৰে পুষ্টি পোৱা যায়। ৰাতিপুৱা খালী পেটত বাদাম খালে মগজু তীক্ষ্ণ হয় আৰু স্মৃতিশক্তি বৃদ্ধি হয়।

বাদামে শৰীৰটো স্বাস্থ্যৱান ৰখাত যথেষ্ট সহায় কৰে। 

কিচমিচ -কিচমিচ ঔষধি গুণাগুণেৰে সমৃদ্ধ। ই স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিচমিচত আইৰণ, প্ৰ’টিন, আঁহ অতি ভাল পৰিমাণত পোৱা যায়। নিয়মীয়া কিচমিচ খালে শৰীৰৰ দুৰ্বলতা আঁতৰ হয় আৰু শৰীৰত হিমোগ্লোবিনৰ স্তৰও বৃদ্ধি হয়। আপুনি ৬-৭ টা কিচমিছ ৰাতি পানীত তিয়াই থৈ ৰাতিপুৱা খাব পাৰে।

খালী পেটত কিচমিচলে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাৰ লগতে পাচন তন্ত্ৰও স্বাস্থ্যকৰ হ’ব। 

খেজুৰ-খেজুৰো শৰীৰৰ বাবে যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয়। ৰাতি তিয়াই থোৱা খেজুৰ ৰাতিপুৱা খালে আপোনাৰ শৰীৰত আইৰণৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগতে পাচন তন্ত্ৰও শক্তিশালী হ’ব।

খেজুৰ নিয়মিত খালে আপোনাৰ হাড় শক্তিশালী হয় আৰু শৰীৰৰ পৰা দুৰ্বলতা আঁতৰ হয়।

Leave A Reply

Your email address will not be published.