উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে কৰিলে উদ্বোধন

২০১৭ চনত আধাৰশিলা স্থাপন কৰা AIIMS আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

এইখন হৈছে উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS। আজি গৰু বিহুৰ দিনাই অসমবাসীক AIIMSখন উপহাৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।এই চাংসাৰিৰ AIIMSত থাকিব ৭৫০খন বিচনা।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰ্ছুৱেলী মুকলি কৰিলে তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়।

নলবাৰী, কোকৰাঝাৰ আৰু নগাঁও মেডিকেল কলেজ মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।

Related Articles