Breaking

পত্নী আথিয়াৰ সৈতে মাজনিশা কেক কাটি জন্মদিন পালন কৰে কে এল ৰাহুলে। সুনীল শ্বেট্টীয়ে ক’লে “জন্মদিনৰ শুভেচ্ছা বাবা।”

0 253

আজি ক্ৰিকেটাৰ কে এল ৰাহুলৰ জন্মদিন। পত্নী আথিয়াৰ সৈতে মাজনিশা কেক কাটি জন্মদিন পালন কৰিলে ৰাহুলে…। বিয়াৰ পিছত পত্নী আথিয়াৰ সৈতে প্ৰথম জন্মদিন পালন কৰিছে ক্ৰিকেটাৰ কে এল ৰাহুলে। আই পি এলৰ মাজতে যোৱা নিশা হোটেলৰ কোঠাত পত্নী আথিয়াৰ সৈতে জন্মদিনৰ কেক কাটে কে এলে। কিছুদিন প্ৰেমৰ সম্পৰ্কৰ অন্তত চলিত বৰ্ষৰ জানুৱাৰী মাহত দুয়োৰে বিবাহ হয়। পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত খাণ্ডালাস্থিত সুনীল শ্বেট্টীৰ ফাৰ্ম হাউচত বিয়া হৈছিল দুয়ো। বিয়াৰ পিছত কে এল ৰাহুলে নিজৰ টুৰ্ণামেণ্ট খেলিবলৈ গুচি যায় আৰু বৰ্তমান তেওঁ আই পি এলত ব্যস্ত। একে সময়তে ক্ৰিকেটাৰ গৰাকীয়ে বিয়াৰ পিছত প্ৰথম জন্মদিন উদযাপন কৰিছে। কে এল ৰাহুলে হোটেলৰ কোঠাত নিজৰ মৰমিয়াল পত্নী আথিয়াৰ সৈতে মাজনিশাৰ জন্মদিনৰ কেক কাটিলে।

কে এল ৰাহুলৰ এজন বন্ধুৱে তেওঁৰ পত্নী আথিয়াৰ সৈতে জন্মদিন উদযাপন কৰা ক্ৰিকেটাৰ গৰাকীৰ ছবি শ্বেয়াৰ কৰিছে। ছবিসমূহত কে এলক পত্নী আথিয়াৰ সৈতে কেক কাটি থকা দেখা গৈছে।


আনহাতে সুনীল শ্বেট্টীয়ে আথিয়াৰ সৈতে বিবাহৰ এখন ছবি শ্বেয়াৰ কৰি জোঁৱাই কে এলক জন্মদিনৰ শুভেচ্ছা জনাইছে। শ্বেট্টীয়ে লিখিছে, “জন্মদিনৰ শুভেচ্ছা বাবা।” আথিয়াৰ ভাতৃ আহন শ্বেট্টীয়েও কে এল ৰাহুলৰ সৈতে এখন ছবি শ্বেয়াৰ কৰি লিখিছে, “হেপি বাৰ্থডে ভাই”।

Leave A Reply

Your email address will not be published.