বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক কি কাৰণত আকৌ গ্ৰেপ্তাৰ কৰিলে জানক…

বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক শিৱসাগৰ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছে। চান্দাৰ নামত শিৱসাগৰৰ এগৰাকী ব্যৱসায়ীক ধন দাবী কৰি কালি গ্ৰেপ্তাৰ হৈছিল চলিহা।কালি শিৱসাগৰ জিলা মূখ্য ন্যায়িক দণ্ডাধীশ আদালতে শৃংখল চলিহাৰ জামিন মঞ্জুৰ কৰিছিল।

সেই সূত্ৰে আজি ছাত্ৰ নেতা গৰাকীক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল।শিৱসাগৰ বৰপুখুৰী পাৰৰ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পাছতেই শিৱসাগৰ আৰক্ষীয়ে ছাত্ৰ নেতা গৰাকীক পুনৰ গ্ৰেপ্তাৰ কৰি কাৰাগাৰালৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে শিৱসাগৰ নগৰৰ বি.জি. ৰোডৰ ব্যৱসায়ী অঙ্কুশ কেডিয়াই শিৱসাগৰ সদৰ থানাত দাখিল কৰা এক এজাহাৰৰ ভিত্তিত চলিহাক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। অভিযুক্ত শৃংখল চলিহা ব্যৱসায়ী গৰাকীৰ পৰা বিহুৰ চান্দাৰ নামত ধন দাবী কৰিছিল ।

ব্যৱসায়ী গৰাকীয়ে বিচৰা ধন দিবলৈ সন্মত নোহোৱাত চলিহা মুখত থু পেলাই অসভ্য আচৰণ কৰিছিল।এই ঘটনা যোৱা ২৮ এপ্ৰিলত সংঘটিত হৈছিল।আজি পুনৰ চলিহাক কি গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে সেই কথা শিৱসাগৰ আৰক্ষীয়ে এই পৰ্য্যন্ত স্পষ্ট কৰা নাই।

Related Articles