অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক সন্মানীয় যোগেন মহনে আজি মথুৰাপুৰ বৰাইক চুকত “জল জীৱন মিছন”ৰ অধীনত মথুৰাপুৰ বৰাইক চুক পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মথুৰাপুৰ ভকত গাৱৰ ঊনৈশ মিটাৰ পথ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে।
চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সীমামুৰীয়া অঞ্চল তথা মাহমৰা সমষ্টিৰ অন্তৰ্গত মথুৰাপুৰত আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী গৰাকী উপস্থিত হৈ অঞ্চলটোৰ বিভিন্ন সমস্যা আৰু ৰাইজৰ অভাৱ-অভিযোগ সমূহ বুজ লোৱাৰ লগতে ৰাইজৰ সুবিধাৰ্থে দুটাকৈ প্ৰকল্প তথা আঁচনিৰ শুভ উদ্বোধন কৰে। মথুৰাপুৰ ভকত গাঁৱৰ ৰাইজৰ দীৰ্ঘদিনীয়া আশা পানীযোগান আৰু পথ নিৰ্মাণৰ বাবে চৰকাৰ তথা মাননীয় মন্ত্ৰী যোগেন মহনে লোৱা এই পদক্ষেপক ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।
নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন