কেন্দ্ৰীয় মন্ত্ৰীসভাৰ দপ্তৰ সাল-সলনি। কিৰেন ৰিজিজুৰ ঠাইত অৰ্জুন ৰাম মেঘৱালে কেন্দ্ৰীয় আইন মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰে।অৰ্জুন ৰাম মেঘৱালক নতুন আইন মন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে কিৰেন ৰিজিজুক ভূমি বিজ্ঞান মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
ৰাষ্ট্ৰপতি ভৱনৰ এক বিবৃতিত কোৱা হৈছে যে মেঘৱালক তেওঁৰ বৰ্তমানৰ পৰ্টফলিঅ’ৰ উপৰিও আইন মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে। ২০২১ চনৰ ৮ জুলাইত ৰিজিজুৱে আইন আৰু ন্যায় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।