Breaking

সন্তানৰ পিতৃৰ পৰিচয় দিলে অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজে…

0 123

সন্তানৰ পিতৃৰ পৰিচয় দিলে ইলিয়ানা ডি ক্ৰুজে…! ইলিয়ানাই নিজৰ ইনষ্টাগ্ৰামত প্ৰেমিকৰ সৈতে এখন ম্লান ফটো শ্বেয়াৰ কৰিছে। যদিও এই ছবিখনত একো স্পষ্ট নহয়, তথাপিও দম্পতীহালক অন্তৰংগ ভংগীমাত দেখা গৈছে। যেতিয়া ইলিয়ানাই গৰ্ভধাৰণৰ কথা ঘোষণা কৰে তেতিয়া অনুৰাগীসকল স্তম্ভিত হৈ পৰে। বৰ্তমানো ইলিয়ানাই নিজৰ সন্তানৰ পিতৃৰ নাম প্ৰকাশ কৰা নাই।

ইলিয়ানাই নিজৰ ইনষ্টাগ্ৰামত প্ৰেমিকৰ সৈতে এখন ম্লান ফটো শ্বেয়াৰ কৰি এটি অতি আৱেগিক পোষ্ট লিখিছে। কেপচনত লিখিছে- গৰ্ভৱতী হোৱাটো বৰ ধুনীয়া আশীৰ্বাদ… মই ভবা নাছিলো যে মই কেতিয়াও ইমান ভাগ্যৱান হ’ম, গতিকে এই যাত্ৰাত নিজকে অবিশ্বাস্যভাৱে ভাগ্যৱান বুলি গণ্য কৰোঁ..’ লগতে ইলিয়ানাই আৰু লিখিছে, ‘মোৰ ভিতৰত এটা জীৱন গঢ় লৈ উঠা অনুভৱ কৰাটো কিমান মৰমলগা হয় সেয়াও ক’ব নোৱাৰো…মই মাত্ৰ মোৰ বাম্পটো দেখি সুখী হৈ পৰো… মই তোমাক সোনকালে দেখা পাম আৰু কিছুমান দিন আছে’।

ইলিয়ানা ডি ক্ৰুজে প্ৰেমিকক প্ৰশংসা কৰি আৰু এটা টোকা লিখিছে- ‘আৰু যিবোৰ দিনত মই নিজৰ প্ৰতি দয়ালু হ’বলৈ পাহৰি যাওঁ, সেই সময়ত এই মৰমলগা মানুহজন মোৰ ছাঁ হৈ পৰে…’

Leave A Reply

Your email address will not be published.