দেৰগাঁৱৰ পথাৰত মাছ ধৰিবলৈ পাতি থোৱা চেঁপাত এইবাৰ মাছ নহয় পৰিল এটা ব্যাগোম ফেঁটীসাপ।
এই ঘটনা সংঘটিত হৈছে দেৰগাঁৱৰ দিচৈৰ ধেমাজীত। আনদিনাৰ দৰেই অঞ্চলটোৰ প্ৰদীপ হাজৰিকা নামৰ লোকজনে মাছ ধৰিবলৈ বুলি পথাৰত নিশাৰ ভাগত পাতি থৈছিল বাঁহৰ চেঁপা।
পুৱাই চেঁপা চাবলৈ আহি বিবুদ্ধিত পৰিল লোকজন, কাৰণ মাছৰ পৰিৱৰ্তে চেঁপাটোত সোমাই আছিল এটা বিয়াগোম ফেঁটীসাপ৷ খবৰ পাই পথাৰত সমবেত হ’ল অঞ্চলটোৰ ৰাইজ।
অৱশেষত খবৰ দিয়া হ’ল দেৰগাঁৱৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ক। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ফেঁটীসাপ টো চেঁপাৰ পৰা উদ্ধাৰ কৰি হাবিৰ মাজত মুকলি কৰি দিবলৈ লৈ যায় ।