নগাঁৱত বিনামূলীয়া ভ্ৰাম্যমাণ চিকিৎসা শিৱিৰ

অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন নগাঁও শাখাৰ উদ্যোগত শনিবাৰে নগাঁৱত অনুষ্ঠিত হয় বিনামূলীয়া ভ্ৰাম্যমাণ চিকিৎসা শিৱিৰ।

নগাঁও চহৰৰ লক্ষীনগৰ চাৰিআলিৰ পূজা মণ্ডপৰ সমীপত অনুষ্ঠিত হোৱা ভ্ৰাম্যমাণ চিকিৎসা শিৱিৰত বিভিন্ন ৰোগৰ পৰীক্ষা,নিৰীক্ষাৰ লগতে চিকিৎসা সেৱাও আগবঢ়োৱা হয়।

উল্লেখযোগ্য যে চিকিৎসা সেৱাৰ ক্ষেত্ৰত সাধাৰণ জনতাক কিছু সকাহ দিয়াৰ উদ্দেশ্যে অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন নগাঁও শাখাৰ বিষয়ববীয়া সকলে বিনামূলীয়া চিকিৎসা শিৱিৰৰ আয়োজন কৰে।

কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসা শিবিৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ব্যক্তি সকলে চিকিৎসা সেৱা গ্ৰহণ কৰে।

অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন নগাঁও শাখাৰ বিষয়ববীয়া সকলে গ্ৰহণ কৰা উল্লেখনীয় পদক্ষেপৰ বাবে সকলোৱে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে।

Related Articles