পূজা ভাটে বহু বছৰ আগতে এক সাক্ষাৎকাৰত কৈছিল যে তেওঁ আগতে ছলমান খানক ঘৃণা কৰিছিল। পূজা ভাটে ছলমানক ঘৃণা কৰাৰ কাৰণো কৈছে। বলীউডৰ অভিনেত্ৰী পূজা ভাটক আজিকালি ছলমান খানৰ অনুষ্ঠানৰ প্ৰতিযোগী হিচাপে দেখা গৈছে। ইফালে পূজা ভাটৰ এটা পুৰণি সাক্ষাৎকাৰ চৰ্চালৈ আহিছে, য’ত অভিনেত্ৰীগৰাকীয়ে ছলমান খানৰ প্ৰতি থকা ঘৃণা ৰাজহুৱাভাৱে স্বীকাৰ কৰা দেখা গৈছে। ১৯৯৫ চনৰ এক সাক্ষাৎকাৰত পূজা ভাটে কৈছিল যে তেওঁলোকে কিবা কাৰণত ইজনে সিজনক ঘৃণা কৰে, দুয়ো একেলগ হ’ব নোৱাৰে আৰু তেওঁলোকৰ মাজত এক বৃহৎ যুদ্ধ হৈছিল। অভিনেত্ৰী পূজা ভাটে ১৯৯৫ চনত ষ্টাৰডাষ্টক এক সাক্ষাৎকাৰ দিছিল। য’ত পূজা ভাটে কয় যে তেওঁ সন্মত হৈছিল যে ছলমান আৰু তেওঁ প্ৰথমে অদ্ভুত কাৰণত ইজনে সিজনক ঘৃণা কৰিছিল। কিন্তু এতিয়া তেওঁলোকৰ মাজৰ সম্পৰ্ক বহুত ভাল।
খবৰ অনুসৰি এটা সময়ত পূজা ভাট আৰু ছলমান খানৰ ভাতৃ ছোহেইল খানৰ মাজত গুৰুতৰ সম্পৰ্ক আছিল। কিন্তু কিবা কাৰণত পূজা ভাট আৰু সোহেলৰ সম্পৰ্ক ভাঙি গ’ল। তাৰ পিছত ১৯৯৮ চনত সীমা খানৰ সৈতে বিবাহপাশত আবদ্ধ হয় সোহেইল খানে। আনহাতে পূজা ভাটে ২০০৩ চনত মনীষ মাখিজাক বিয়া কৰায়। তাৰ পিছত পূজা আৰু মনীষৰ বিবাহ বিচ্ছেদ হয় প্ৰায় ১১ বছৰ পিছত। বৰ্তমান বিগ বছ অ’টিটি ২ লৈ আহিছে পূজা ভাট।