হজলৈ যোৱা স্বামীক আদৰিবলৈ সাজু গৰ্ভৱতী ছানা খান। স্বামীৰ বাবে বেলুনেৰে আটকধুনীয়াকৈ সজাই-পৰাই তুলিছে ঘৰখন…

হজলৈ যোৱা স্বামীক আদৰিবলৈ সাজু গৰ্ভৱতী ছানা খান। স্বামীৰ বাবে আটকধুনীয়াকৈ সজাই-পৰাই তুলিছে ঘৰখন। ছানা খানৰ স্বামী আনাছ ছাইয়াদ মক্কাৰ পৰা আহিছে, আনহাতে ছানা খানে স্বামী আনাছ ছাইয়াদ ঘৰলৈ আদৰিবলৈ বিশেষ প্ৰস্তুতি চলাইছে। অতি সোনকালে দুয়ো পিতৃ-মাতৃ হ’ব। ছানাই ইনষ্টাগ্ৰামত নিজৰ ড্ৰয়িং ৰূমৰ কিছু ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁ নিজৰ ঘৰখন ৰঙীন বেলুনেৰে সজাই পৰাই তোলা দেখা গৈছে। এইদৰে স্বামীক ঘৰলৈ উষ্ম আদৰণি জনোৱাৰ প্ৰস্তুতি চলোৱাত ব্যস্ত প্ৰাক্তন অভিনেত্ৰী ছানা খান।

লগতে স্বামী আনাছৰ বাবে বিশেষ মিঠাইও অৰ্ডাৰ দিছে। স্বামীৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে ছানা খানে নিজৰ ইনষ্টাগ্ৰামৰ পৰা আন এটা পোষ্ট শ্বেয়াৰ কৰিছে, তেওঁ কৈছে যে মুম্বাইত অবিৰতভাৱে বৰষুণ দি আছে। ইয়াৰ উপৰিও আনাছে নিজৰ ছ’চিয়েল মিডিয়াত হজ কৰাৰ সময়ত অনুৰাগীৰ সৈতে সকলো ছবি শ্বেয়াৰ কৰা দেখা গৈছিল। তেওঁ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল য’ত তেওঁ লিখিছিল – আলহামদুলিল্লাহ, আল্লাহৰ ৰহমতত মই অতি শান্তিৰে হজ কৰিবলৈ সক্ষম হ’লোঁ। আল্লাহে সকলোৰে প্ৰাৰ্থনা গ্ৰহণ কৰক।

Related Articles