Breaking

ইটালীত বেগম কৰীনা কাপুৰৰ সৈতে অৱসৰ বিনোদন ছেইফ আলী খানৰ…

0 91

প্ৰায়ে চৰ্চাত থাকে কৰীনা কাপুৰ আৰু ছেইফ আলী খান। ইটালীত বেগম কৰীনা কাপুৰৰ সৈতে অৱসৰ বিনোদন কটাইছে ছেইফ আলী খানে। ছেইফ আলী খান আৰু কৰীনা কাপুৰ খানৰ ইটালীত সময় কটোৱাৰ ছবি ভাইৰেল হৈ আছে। দুয়োজনে তাত নিজৰ বন্ধুৰ সৈতে আনন্দ-ফূৰ্তি কৰা দেখা গৈছে। শুকুৰবাৰে তেওঁৰ বন্ধু আলেকজেণ্ড্ৰা গ্যালিগানে প’ৰ্ট চাৰ্ভোৰ ছবি শ্বেয়াৰ কৰিছে।

এখন ছবিত কৰীনাক চেলফি লোৱা দেখা গৈছে। ফটোখনত তেওঁৰ বন্ধুসকলো লগত আছে।

আন এখন ছবিত ছেইফ আৰু কৰীনাক বন্ধুৰ সৈতে হ্ৰদৰ পাৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা দেখা গৈছে। ছবিখনত সকলোৱে হাঁহি থকা দেখা গৈছে।

ছুটীলৈ যোৱাৰ পূৰ্বে কৰীনাই তেওঁৰ আগন্তুক ছবি ‘দ্য ক্ৰু’ৰ প্ৰথম সূচী সম্পূৰ্ণ কৰিছিল। ছবিখনত তেওঁৰ সৈতে অভিনয় কৰিছে টাবু, কৃতি চানন আৰু দিলজিৎ দোসাঞ্জে। ২০২৪ চনৰ ২২ মাৰ্চত মুক্তি পাব ছবিখনে। ইয়াৰ উপৰিও সুজয় ঘোষৰ ছবি দ্য ডিভ’চন অৱ ছাচপেক্ট এক্সত বিজয় ভাৰ্মা আৰু জয়দীপ আহলাৱতৰ সৈতে কৰীণা কাপুৰক দেখা যাব। শেহতীয়াকৈ ‘আদিপুৰুষ’ ছবিখনত ৰাৱনৰ চৰিত্ৰত দেখা গৈছিল ছেইফক। প্ৰভাস আৰু কৃতি ছাননো ছবিখনত তেওঁৰ সৈতে আছিল। উপাৰ্জনৰ ক্ষেত্ৰত ছবিখনে বক্স অফিচত ব্যৰ্থ হৈছিল।

Leave A Reply

Your email address will not be published.