Breaking

হালধীয়া সোণাৰু ফুলেৰে জাতিষ্কাৰ হ’ব দেৰগাঁও চহৰ; কাব্যঋষি’নীলমণি ফুকনৰ স্মৃতিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰোৱা হ’ব সোণাৰু গছ

0 215

দেৰগাঁৱৰ ৰাইজৰ মাজলৈ আহিছে ভাল খবৰ। জ্ঞানপীঠ বঁটা বিজয়ী দেৰগাঁৱৰ সু-সন্তান কাব্যঋষি নীলমণি ফুকনৰ অন্যতম প্ৰিয় সোণাৰু গছেৰে সজাই তোলা হ’ব দেৰগাঁৱৰ মাজেৰে যোৱা ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষ।

জ্ঞানপীঠ বঁটা বিজয়ী দেৰগাঁৱৰ সুসন্তান জাতীয় কবি নীলমণি ফুকনৰ পবিত্ৰ স্মৃতিত দেৰগাঁৱৰ মাজেৰে যোৱা ফ’ৰলেনত সুশোভিত হ’ব কবি গৰাকীৰ প্ৰিয় ফুলেৰে।

কবি ফুকনৰ পুত্ৰ অমিতাভ ফুকনে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জৰিয়তে কেন্দ্ৰীয় পথ যোগাযোগ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়ালৈ আৱেদন জনায়।

আৱেদন মৰ্মে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ বিভাগৰ পৰা উক্ত এলেকাৰ পথত কবি নিলমি ফুনকৰ প্ৰিয় সোণাৰু গছ পুলি ৰোপন কৰিবলৈ অনুমতি প্ৰদান কৰে।

এই ইতিবাচক খবৰ বিয়পি পৰাৰ লগে লগেই কবিৰ পৰিয়ালৰ লগতে দেৰগাঁৱৰ ৰাইজৰ আনন্দিত হৈ পৰে। উল্লেখ্য যে কবি গৰাকীৰ সোণাৰু গছ অতি প্ৰিয় আছিল বাবেই কবিৰ পুত্ৰ অমিতাভ ফুকনে তেখেতৰ জন্ম চহৰ খনত সোণাৰু গছেৰে শোভাশিত কৰাৰ কথা চিন্তা কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লিখিত ভাৱে অৱগত কৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ উক্ত বিষয়টো কেন্দ্ৰীয় পথ যোগাযোগ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীলৈ আৱেদন প্ৰেৰণ কৰে।

কেন্দ্ৰীয় পথ যোগাযোগ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে বিষয়টোক অনুমতি প্ৰদান কৰি কবিৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে আৰু গছ পুলি ৰোপণৰ আশ্বাস প্ৰদান কৰে।

-দিব্য জ্যোতি কাকতি, ৰঙামাটি

Leave A Reply

Your email address will not be published.