মৰিয়নিত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

মৰিয়নি নিউসোনোৱাল সেউজী গাঁওত প্ৰায় ৯৮৪ টা বিয়েৰ কেন আৰু ২৪০০টা ৰমৰ বতল সহ প্ৰায় তিনি লক্ষ্যাধিক টকাৰ অবৈধ সুৰা সহ বলেৰ পিকআপ এখন মৰিয়নি আৰক্ষীয়ে জব্দ কৰে।

মৰিয়নিৰ পৰা চোৰাং ভাৱে নগালেণ্ডলৈ সুৰা খিনি সৰবৰাহ কৰিবলৈ লোৱা সময়ত মৰিয়নী আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি সুৰা ভৰ্তি গাড়ী জব্দ কৰে যদিও গাড়ীৰ চালক আৰু হেণ্ডিমেন পলায় যাবলৈ সক্ষম হয়।


জব্দ কৰা NL 02 Q 2633 নম্বৰ বলেৰ পিকআপ খন যোৰহাট ভোগদৈ মুখৰ(আনন্দ নগৰ)ৰ শ্যাম কুমাৰ চাহাৰ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে এতিয়ালৈকে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই।


বৰ্তমান মৰিয়নী আৰক্ষীয়ে জব্দ কৰা অবৈধ সুৰা খিনি আবকাৰী বিভাগক গতাই দিয়ে৷

– কৃষ্ণ প্ৰসাদ শৰ্মা, মৰিয়নি

Related Articles