Breaking

ৰাজনীতিত ভৰি দিয়াৰ সম্ভাৱনা অভিনেতা অভিষেক বচ্চনৰ ! ২০২৪ত সমাজবাদী পাৰ্টিত যোগদান কৰাৰ সম্ভাৱনা…

0 68

ৰাজনীতিত ভৰি দিয়াৰ সম্ভাৱনা অভিনেতা অভিষেক বচ্চনৰৰ! ২০২৪ চনত তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা অভিনেতাগৰাকী। ব্ৰিথ, ধূম ৪, হাউচফুল ৫, দাসবিনৰ দৰে বহু ছবিত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে। কিন্তু এতিয়া অভিনয়ৰ সমান্তৰালকৈ ৰাজনীতিত কেৰিয়াৰ গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে অভিষেক বচ্চনে। খবৰ অনুসৰি অভিষেকে শীঘ্ৰে পিতৃ-মাতৃৰ পদাংক অনুসৰণ কৰি ৰাজনীতিত প্ৰৱেশ কৰিব।

এক প্ৰতিবেদন অনুসৰি অতি সোনকালে অভিলেশ যাদৱৰ সমাজবাদী পাৰ্টিত যোগদান কৰিবলৈ ওলাইছে অভিষেক বচ্চন। প্ৰতিবেদন অনুসৰি ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত প্ৰয়াগৰাজৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অভিষেক। দেউতাকৰ দৰে প্ৰয়াগৰাজৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। অৱশ্যে এতিয়ালৈকে অভিষেক বচ্চন আৰু সমাজবাদী পাৰ্টিয়ে কোনো ঘোষণা কৰা নাই এই কথা। অভিনয়ৰ পৰা বিৰতি লোৱাৰ পিছত বিগ বি কিছুদিন ৰাজনীতিত প্ৰৱেশ কৰিছিল। ১৯৮৪ চনত লোকসভা নিৰ্বাচনত জয়ী হৈছিল যদিও ১৯৮৭ চনৰ জুলাই মাহত পদত্যাগ কৰিছিল। আনহাতে জয়া বচ্চন প্ৰথমবাৰৰ বাবে ২০০৪-২০০৬ চনত সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছত ২০১৮ চনত ৰাজ্যসভাৰ সদস্য হয়। আনহাতে ২০১৩ চনৰ এক সাক্ষাৎকাৰত অভিষেকে ৰাজনৈতিক কেৰিয়াৰৰ কথা কয়। তেওঁ কৈছিল- মোৰ মা-দেউতা ৰাজনীতিত আছে, কিন্তু মই নিজকে ৰাজনীতিত মোৰ ভৱিষ্যত দেখা নাপাওঁ।

কামৰ কথা ক’বলৈ গ’লে অভিষেক বচ্চনক শেষবাৰৰ বাবে দেখা গৈছিল দাসৱী ছবিত য়ামী গৌতমৰ সৈতে। এই ছবিখন অ’টিটি প্লেটফৰ্মত মুক্তি পাইছিল।

Leave A Reply

Your email address will not be published.