Breaking

বিকি কৌশলৰ পত্নী হোৱাৰ পূৰ্বে বহু চেলিব্ৰিটিৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল কেটৰিনা ! অক্ষয়-কেটৰিনা সম্পৰ্কক লৈ কি ক’লে পত্নী টুইংকল খান্নাই…

0 79

বিকি কৌশলৰ পত্নী হোৱাৰ পূৰ্বে বহু চেলিব্ৰিটিৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল কেটৰিনা ! লাখ লাখ লোক কেটৰিনা কাইফৰ সৌন্দৰ্য্যৰ প্ৰেমত মতলীয়া। আজি বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাইফৰ জন্মদিন। কেটৰিনাৰ এই বিশেষ দিনটোত তেওঁৰ সৌন্দৰ্য আৰু প্ৰেমৰ বিষয়ে আপোনালোকক জনাম। কেটৰিনা কাইফে যেতিয়া বলীউডত ভৰি থৈছিল তেতিয়া অভিনেত্ৰী গৰাকীয়ে বহু সংগ্ৰাম কৰিছিল, তেতিয়া তেওঁক সমৰ্থন কৰিছিল ছলমান খানে। লাহে লাহে তেওঁলোক ঘনিষ্ঠ হৈ পৰিল আৰু ইজনে সিজনৰ লগত ডেটিং কৰিবলৈ ধৰিলে। কোৱা হয় যে এই সম্পৰ্ক প্ৰায় সাত বছৰ অৰ্থাৎ ২০১০ চনলৈকে চলিছিল, তাৰ পিছত তেওঁলোকৰ সম্পৰ্কৰ বিচ্ছেদ হয়। অৱশ্যে কেটৰিনা বা ছলমান দুয়োজনেই এই সম্পৰ্কক লৈ কেতিয়াও মুকলিকৈ কোনো কথা কোৱা নাছিল।

ছলমান খানৰ সৈতে হোৱা কথিত বিচ্ছেদৰ পিছত কেটৰিনাৰ নাম ব্যৱসায়ী বিজয় মাল্যাৰ পুত্ৰ সিদ্ধাৰ্থ মালিয়াৰ সৈতে জড়িত হৈ পৰিছিল। আচলতে আই পি এলৰ বহু মেচত দুয়োকে বহুবাৰ একেলগে দেখা গৈছিল, যাৰ বাবে তেওঁলোকক লৈ চৰ্চা হৈছিল। অৱশ্যে এই সম্পৰ্কক লৈ কেটৰিনাই কেতিয়াও একো কথা প্ৰকাশ কৰা নাছিল।

ৰনবীৰ কাপুৰৰ সৈতেও কেটৰিনা কাইফৰ নাম জড়িত হৈছিল। তেওঁলোকৰ প্ৰেমৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছিল। কোৱা হয় যে তেওঁলোকৰ সম্পৰ্কই বিবাহৰ লৈকে গৈছিল যদিও ৰণবীৰৰ পৰিয়ালে এই সম্পৰ্কত সন্মতি নিদিলে। সেই সম্পৰ্ক তাতেই শেষ।

কেটৰিনা কাইফ আৰু অক্ষয় কুমাৰে একেলগে বহু ছবিত কাম কৰিছিল। দুয়োৰে অন-স্ক্ৰীণ কেমিষ্ট্ৰী ভাল পাইছিল দৰ্শকে। দুয়োৰে সম্পৰ্কক লৈ বহু চৰ্চা হৈছিল। অৱশ্যে এই বিষয়ত কেটৰিনাই একো মন্তব্য ৰখা নাছিল।

বহু সম্পৰ্ক আৰু ব্ৰেকআপৰ অন্তত বিকি কৌশলে কেটৰিনাৰ জীৱনত প্ৰৱেশ কৰে। দুয়োজনে নিজৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰা নাছিল। ২০২১ চনৰ ভিতৰত যেতিয়া কেটৰিনা আৰু বিকি কৌশলে বিবাহৰ কথা ঘোষণা কৰিছিল, তেতিয়া সকলোৰ আচৰিত হৈ পৰিছিল। ২০২১ চনৰ ডিচেম্বৰৰ ভিতৰত দুয়োৰে বিবাহ হয়।

Leave A Reply

Your email address will not be published.