Breaking

মহিলাক দলবদ্ধ ধৰ্ষণ, অভিযুক্ত বিজেপি নেতাৰ পুত্ৰকে ধৰি চাৰিজন

0 68

চাৰিজন লোকৰ বিৰুদ্ধে এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ আৰু কিশোৰী ভগ্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযুক্তৰ ভিতৰত এজন বিজেপি নেতাৰ পুত্ৰও আছে। মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰৰ সমষ্টি দতিয়াত সংঘটিত হৈছে এই ঘটনা। মহিলাগৰাকীৰ আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াই অভিযুক্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত দতিয়া থানা ঘেৰাও কৰে।

আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে যে তেওঁক আৰু তেওঁৰ ভগ্নীক চাৰিজন যুৱকে বলপূৰ্বকভাৱে তুলি লৈ যায়। খালী ঘৰলৈ নি তেওঁক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। কিশোৰী ভগ্নীকো নিৰ্যাতন চলোৱা হৈছিল। এই ঘটনাৰ পিছতে ভুক্তভোগী আৰু ভগ্নী ঘৰলৈ উভতি আহে। ইয়াৰ পিছতে ভুক্তভোগীৰ ভগ্নীয়ে আত্মহত্যাৰ চেষ্টা চলায়। উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আৰক্ষীয়ে জনোৱা মতে, ভুক্তভোগী মহিলাগৰাকী আৰু তেওঁৰ ভগ্নী দুয়োজনেই ছাত্ৰী। চাৰিজন ব্যক্তিৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ আৰু POCSOৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। এজন তদন্তকাৰী বিষয়াই জনোৱা মতে, আটাইকেইজন অভিযুক্ত উন্নাওৰ বাসিন্দা। দতিয়াৰ আৰক্ষী অধীক্ষক প্ৰদীপ শৰ্মাই কয় যে অভিযুক্ত আটাইকেইজন ছাত্ৰ-ছাত্ৰী। ইয়াৰ ভিতৰত এজন বিজেপি নেতাৰ পুত্ৰও আছে বুলি অভিযোগনামাত উল্লেখ কৰা হৈছে। এই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছে দতিয়া। পৰিস্থিতি স্থবিৰ হৈ পৰিছে।

উন্নাও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জাদবেন্দ্ৰ সিং গুৰজাৰে এই ঘটনাৰ অভিযুক্তৰ ভিতৰত দুজন নাবালক আছে বুলি জানিবলৈ দিয়ে। দেওবাৰে গ্ৰেপ্তাৰ কৰা হয় এজন লোকক। দুই নাবালকক গ্ৰেপ্তাৰ কৰা হৈছে। পলাতক অভিযুক্তৰ বিৰুদ্ধে ১০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে তেওঁক বিচাৰি আছে।

দতিয়া জিলা বিজেপিৰ সভাপতি সুৰেন্দ্ৰ বুধোলিয়াই এই ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। তেওঁ কয় যে যদি ভুক্তভোগীয়ে নিজৰ বক্তব্যত বিজেপি নেতাৰ পুত্ৰৰ নাম উল্লেখ কৰে তেন্তে সেই নেতাৰ বিৰুদ্ধে দলৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Leave A Reply

Your email address will not be published.