Breaking

নাজিৰা মহকুমাৰ পানীবিলৰ এগৰাকী উচ্চ শিক্ষিত যুৱতীয়ে নিজ বাসগৃহতে গঢ় দিছে চেন্দেলৰ এক ক্ষুদ্ৰ উদ্যোগ 

0 63

নাজিৰা মহকুমাৰ পানীবিল যমুনামুখৰ ৰিজুমণি দত্ত নামৰ এগৰাকী উচ্চ শিক্ষিত নিবনুৱা তথা উদ্যমী যুৱতীৰ প্ৰশংসনীয় পদক্ষেপ।

যুৱতীগৰাকীয়ে কৰ্মসংস্থাপনৰ বাট বুলিবলৈ নিজৰ বাসগৃহতে গঢ়ি তুলিছে চেন্দেলৰ এক ক্ষুদ্ৰ উদ্যোগ।

নাজিৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক ৰিজুমণি দত্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ ছাত্ৰী আছিল। যদিও এইগৰাকী উচ্চ শিক্ষিত যুৱতীয়ে বৰ্তমান সময়ত বিভিন্ন চাকৰিৰ বাবে বিভিন্ন সময়ত পৰীক্ষাত বহিছে কিন্তু আজি পৰ্যন্ত কোনোধৰণৰ চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ইয়াৰ পিছতো এই গৰাকী উচ্চ শিক্ষিত যুৱতী নিবনুৱা হৈ থমকি ৰোৱা নাই, কৰ্মসংস্থাপনৰ বাবে নিজৰ বাসগৃহতে গঢ়িছে এক ক্ষুদ্ৰ চেন্দেলৰ উদ্যোগত।এই ক্ষুদ্ৰ চেন্দেলৰ উদ্যোগৰ জৰিয়তে ৰিজুমণিয়ে ঘৰতে দৈনিক ভিন্ন ৰঙী চেন্দেল উৎপাদন কৰি সেইসমূহ বজাৰত বিক্ৰী কৰি স্বাৱলম্বী হৈ পৰিছে।

এই চেন্দেলৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলা ক্ষেত্ৰত ৰিজুমণিক সহায় কৰিছে ৰিজুমণিৰ নিজৰ ঘৰৰ প্ৰতিগৰাকী ব্যক্তিয়ে।

শিৱসাগৰৰ পানীবিল যমুনামুখৰ ৰিজুমণি দত্ত নামৰ এইগৰাকী উচ্চ শিক্ষিত উদ্যমী যুৱতী বৰ্তমানৰ নিবনুৱা উচ্চ শিক্ষিত যুৱক-যুৱতীৰ বাবে পথ প্ৰদৰ্শক হ’ব পাৰে কিয়নো চাকৰি আশা কৰি থকাৰ সমান্তৰালকৈ ৰিজমুণি দত্তই এই ক্ষুদ্ৰ চেন্দেলৰ উদ্যোগ নিজৰ ঘৰতে গঢ়ি কৰ্মসংস্থাপন তথা স্বাৱলম্বীতা হোৱাৰ এক সুন্দৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিছে।

-দিলীপ হাজৰিকা, নাজিৰা

Leave A Reply

Your email address will not be published.