ফ্ৰান্সত প্ৰধানমন্ত্ৰী মোদীৰ ৰাতিৰ আহাৰ গ্ৰহণ অনুষ্ঠানত বাজিল এ আৰ ৰহমানৰ গীত, গীতৰ তালে তালে নাচিলে ইমানুৱেল মেক্ৰনে…

ফ্ৰান্সত প্ৰধানমন্ত্ৰী মোদীৰ ৰাতিৰ আহাৰ গ্ৰহণ অনুষ্ঠানত বাজিল এ আৰ ৰহমানৰ গীত, গীতৰ তালে তালে নাচিলে ইমানুৱেল মেক্ৰনে। ভাইৰেল ভিডিঅ’ চাওক! ফ্ৰান্সৰ ‘ৰাষ্ট্ৰীয় দিৱস’ত লুভ্ৰ মিউজিয়ামত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সময়তে তাত দুবাৰকৈ এ আৰ ৰহমানৰ বিখ্যাত গীত ‘জয় হো’ বজাইছিল। ভিডিঅ’টোৰ বিশেষ কথাটো হ’ল ফৰাচী গায়কসকলে ‘জয় হো’ গীতটো গোৱা শুনা যায়। ভিডিঅ’টো চাওক-

আচলতে এই ৰাতিৰ আহাৰ ১৪ জুলাই অৰ্থাৎ ফ্ৰান্সৰ ‘ৰাষ্ট্ৰীয় দিৱস’ত লুভ্ৰ মিউজিয়ামত আয়োজন কৰা হৈছিল। য’ত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন আৰু ফ্ৰান্সৰ প্ৰথম মহিলা ব্ৰীজিট মেক্ৰনে। এই ‘জয় হো’ গীতটো বিখ্যাত সংগীত শিল্পী এ আৰ ৰহমানৰ। যিয়ে ২০০৯ চনত ৮১ সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ গীতৰ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও গীতটোৱে ৫২ সংখ্যক গ্ৰেমীত ‘চলচ্চিত্ৰৰ বাবে লিখা শ্ৰেষ্ঠ গীত’ শাখাতো বঁটা লাভ কৰে।

Related Articles