Breaking

বিশ্বনাথৰ বালিচাং খেৰবাৰীত ছাগলী চুৰি চক্ৰক কৰায়ক্ত

0 68

বিশ্বনাথৰ বালিচাং খেৰবাৰীত দেওবাৰে কৰায়ক্ত কৰা হয় ছাগলী চুৰৰ এটা চক্ৰ৷ দলংগুৰি টেঙাবস্তিৰ পথৰ দাতিৰ পৰা চুৰি কৰি আনিছিল ছাগলী৷

AR01C7375 নম্বৰৰ নীলা ৰঙৰ ৱেগেনাৰ বাহনত ভৰাই তীব্ৰ বেগেৰে পলায়ন কৰিছিল চোৰ দুজন৷ ততাতৈয়াকৈ পোৱা খবৰ অনুসৰি বালিচাং আৰক্ষী আৰু স্থানীয় গাওঁৰক্ষী বাহিনীয়ে পিছে পিছে খেদি বালিচাং খেৰবাৰীত কৰায়ক্ত কৰে চোৰ দুজনক ৷

চুৰ দুগৰাকী বৰগাঙৰ চাহিল আলি আৰু চৌকত আলী বুলি জনা গৈছে ৷সম্প্ৰতি বালিচাং আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে ৷

-ৰমেশ চন্দ্ৰ চৰেণ, বালিচাং

Leave A Reply

Your email address will not be published.