নাজিৰাৰ বিভিন্ন এলেকাত দিখৌ নদীৰ বাঢ়নী পানীয়ে ৰাইজৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে; প্ৰশাসনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন, বাতৰি সম্প্ৰচাৰৰ পাছতেই বান পীড়িত লোকৰ মাজত সাহাৰ্য বিতৰণ প্ৰক্ৰিয়া আৰম্ভ

চুবুৰীয়া ৰাজ্যখনত হোৱা প্ৰচণ্ড বৃষ্টিপাতৰ ফলত নাগালেণ্ডৰ পৰা বৈ অহা দিখৌ নদী আৰু অন্যান্য নৈ উপ-নৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত নাজিৰা সমষ্টিৰ শিমলুগুৰি, চণ্টক, বিহুবৰ, ওপৰ নাজিৰা, বামুনপুখুৰী চাহ বাগিছা আৰু বিহুবৰ চাহ বাগিছাৰ বৃহৎ অঞ্চলৰ ক্ষতিগ্ৰস্ত হৈছে৷

বাতৰি সম্প্ৰচাৰৰ পাছতেই বান পৰিস্থিতিৰ বাবে ল’বলগীয়া ব্যৱস্থাৰ বিষয়ে নাজিৰা মহকুমা মহকুমাধিপতি আয়ুষী জৈন, নাজিৰা মহকুমা চক্ৰ বিষয়া জাহ্নৱী গোস্বামী, দুৰ্যোগ ব্যৱস্থাপনা বিষয়া সকল, ACMSৰ বিষয়া সকল, বাগিছা সমূহৰ পৰিচালক সকল আৰু পঞ্চায়তৰ সভাপতি সকলে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে৷

ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা বানপীড়িত লোকৰ মাজত তথা বিভিন্ন স্থান ক্ৰমে মিৰিগাওঁ প্ৰাঃ বিঃ, বামুণপুখুৰী চাহ বাগিছা, কেন্দুগুৰি এম.ই শিবিৰ স্থাপনৰ জৰিয়তে সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰি থকা হৈছে৷

আনহাতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা তথা অসম চৰকাৰৰ আৰ্টফেডৰ উপাধ্যক্ষ প্ৰহ্লাদ গোৱালা, অসম ৰাজ্যিক চাহ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য তথা ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰীয় কৰ্মী প্ৰণৱ দোচাদ, Basanti Vlogs নামৰ জনপ্ৰিয় YouTuber প্ৰতাপ সিং ৰাজপুত আৰু গোপাল সিং ৰাজপুতে বানপীড়িত ৰাইজক সহায় সহযোগ আগবঢ়াইছে৷

লগতে ফেনে ফুটুকাৰে বঢ়া দিখৌ নদীৰ বাঢ়নী পানী বৰ্তমান কিছু পৰিমানে কমিবলৈ লোৱা ৰাইজে প্ৰত্যক্ষ কৰিছে৷

Related Articles