অনুৰাগীৰ প্ৰশ্ন ‘বিয়া কেতিয়া হ’ব’? উত্তৰ ‘মই এতিয়া গৰ্ভৱতী…’

ছ’চিয়েল মিডিয়াৰ পৰা দূৰত্ব বজাই ৰাখে বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী তাপসী পান্নুৱে। কিন্তু হঠাতে সোমবাৰে অনুৰাগীক আচৰিত কৰি ইনষ্টাগ্ৰামত কতা-বাৰ্তা এক অনুষ্ঠান আয়োজন কৰে অভিনেত্ৰীগৰাকীয়ে। য’ত তেওঁ অনুৰাগীয়ে বহু প্ৰশ্ন কৰিছিল আৰু অভিনেত্ৰীগৰাকীয়েও বহু প্ৰশ্নৰ উত্তৰ দিছিল। তাৰ মাজতে এজন অনুৰাগীয়ে তাপসীৰ বিবাহক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। এই প্ৰশ্নটোৰ উত্তৰ আচৰিত ধৰণেৰে দিলে অভিনেত্ৰীগৰাকীয়ে। প্ৰশ্নটো আছিল ‘আপুনি কেতিয়া বিয়া হ’ব?’ উত্তৰটো আছিল ‘মই এতিয়াও গৰ্ভৱতী হোৱা নাই, গতিকে মোৰ বিয়া সোনকালে নহয়।’ এইদৰে উত্তৰ দি অভিনেত্ৰীগৰাকীয়ে হাঁহিবলৈ আৰম্ভ কৰে।

তাপছৰ আগন্তুক ছবিখনৰ নাম হৈছে ‘ডাংকি’। এই ছবিখনত ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ সৈতে প্ৰথমবাৰৰ বাবে পৰ্দাত দেখা যাব তাপসীক।

Related Articles