কবি দীপিকা ফুকনলৈ কাব্যনন্দিনী সন্মান

“সোণালী ডেউকাৰ সোণালী সপোন” আৰু “ৰৈ ৰৈ কান্দিছে বিৰহী ৰাধা” কাব্যগ্ৰন্থৰ কবি, শিক্ষয়িত্ৰী দীপিকা ফুকনলৈ আগবঢ়োৱা হৈছে নেবকছৰ “কাব্যনন্দিনী” সন্মান।

গুৱাহাটীৰ জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত ১৬ জুলাইত অনুষ্ঠিত নেবকছৰ উদ্যোগত আয়োজিত “প্ৰাইড অব ইণ্ডিয়া এৱাৰ্ড ২০২৩” বঁটা প্ৰদান অনুষ্ঠানত দীপিকা ফুকনলৈ এই সন্মান আগবঢ়োৱা হয়।

উক্ত অনুষ্ঠানত বিশিষ্ট অভিনেতা অতুল পাচনিয়ে গোলাঘাট জিলাৰ চুঙাজানৰ নিবাসী কবি তথা ন-খুটি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপিকা ফুকনক আনুষ্ঠানিক ভাৱে কাব্য নন্দিনী সন্মানটি প্ৰদান কৰে।

মহানগৰীৰ জ্যোতি চিত্ৰবনত নেবকছৰ সভাপতি গগনাষ্টম গগৈৰ পৰিচালনাত অনুষ্ঠিত এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ৩৬ জন বিশিষ্ট ব্যক্তিক “প্ৰাইড অব ইণ্ডিয়া এৱাৰ্ড ২০২৩” সন্মান প্ৰদান কৰা হয়।

“সোণালী ডেউকাৰ সোণালী সপোন” আৰু “ৰৈ ৰৈ কান্দিছে বিৰহী ৰাধা” নামৰ দুখনকৈ চৰ্চিত কাব্যগ্ৰন্থৰ কবি দীপিকা ফুকনৰ “জুয়ে পোৰা সোণ” নামৰ নৱতম কাব্য সংকলনটি অচিৰে পাঠকৰ মাজলৈ আহিব। কাব্যনন্দিনী সন্মান লাভ কৰাৰ বাবে দীপিকা ফুকনলৈ বিভিন্ন ব্যক্তি তথা অনুষ্ঠানে অভিনন্দন জনাইছে।

Related Articles