আঙুৰঃ তৃষ্ণা, জ্বৰ, শ্বাস, বাত, বাতৰক্ত, মূত্ৰকৃচ্ছ্ৰ, দাহ, শোথ প্ৰভৃতি ৰোগনাশক। আঙুৰ কেতিয়াও নোধোৱাকৈ খোৱা উচিত নহয়।
আপেলঃ কেঁচা আপেল খালে তেজ বৃদ্ধি হয়। দৈনিক এটাকৈ আপেল খোৱা স্বাস্থ্যৰ পক্ষে উপকাৰী। অন্ত্ৰৰ জীৱাণু নাশ কৰিবলৈ আৰু বিষ দূৰ কৰিবলৈ আপেল বিশেষ উপকাৰী। ৰাতিপুৱা খালীপেটে বা খোৱাৰ পাছত আপেল খোৱা ভাল। মাদকদ্ৰব্য সেৱনত অভ্যস্ত লোকসকলে আপেল খালে মাদক দ্ৰব্য সেৱনৰ অভ্যাস নাশ হ’ব। আপেল গুৰুপাক, সেয়ে যিসকলৰ হজম ক্ষমতা কম তেওঁলোকে আপেল খোৱা উচিত নহয়।
নাচপতিঃ স্নিগ্ধ, তৃষ্ণা নিবাৰক আৰু যকৃতৰ ক্ৰিয়াবৰ্ধক।
ডালিমঃ মধুৰ সোৱাদযুক্ত ডালিম বায়ু, পিত্ত, কফ, তৃষ্ণা, দাহ, জ্বৰ, হৃদৰোগ, কণ্ঠৰ ৰোগ, মুখৰ ৰোগ দূৰ কাৰক, শুক্ৰবৰ্ধক, মেধা আৰু বলকাৰক। ইয়াৰ বাহিৰেও গ্ৰহণী, অতিসাৰ, অজীৰ্ণ, ৰক্তপ্ৰদৰ, গৰ্ভস্ৰাৱ, কৃমি আৰু অগ্নিমান্দ্যত উপকাৰ পোৱা যায়।
খেজুৰঃ কোষ্ঠগত বায়ু, বাতদোষ, জ্বৰ, ক্ষুধা, তৃষ্ণা, কাহ, শ্বাস, মূৰ্ছা ইত্যাদি ৰোগৰ কাৰণে উপকাৰী। খেজুৰ সহজতে হজম নহয়। সেয়ে পেটৰ ৰোগীৰ কাৰণে খেজুৰ উপকাৰী নহয়। কিন্তু সুস্থ স্বাস্থ্যৰ অধিকাৰী আৰু কোষ্ঠকাঠিন্য থকা সকলৰ কাৰণে উপকাৰী।
তিয়ঁহঃ কোমল তিয়ঁহ দাহ তথা পিত্তনাশক। তিয়ঁহৰ গুটিৰ পানী খুৱালে বমি আৰু হেকটি ৰোগ ভাল হয়। তিয়ঁহৰ গুটিয়ে পিত্তদোষ নষ্ট কৰে আৰু মূত্ৰকৃচ্ছ্ৰ প্ৰশমিত কৰে। কিন্তু পকা তিয়ঁহ পিত্ত বৃদ্ধিকাৰক।
তালঃ কোমল তালৰ পানী হেকেটিৰ অমোঘ ঔষধ আৰু বাত, পিত্তৰ কাৰণে উপকাৰী। পকা তাল অজীৰ্ণকাৰক। তালৰ গুটিৰ শাহ শীতল মূত্ৰ বৃদ্ধিকাৰক, কফনাশক কিন্তু দুষ্মপাচ্য। অজীৰ্ণ ৰোগত ভোগা ৰোগীয়ে তালৰ শাহ খোৱা অনুচিত। তেজবমি, শৌচৰ লগত তেজ পৰিলে তালৰ শাহৰ ৰস খুৱালে উপকাৰ পোৱা যায়।
তৰমুজঃ পিত্তনাশক আৰু বায়ুনাশক।
আনাৰসঃ মধুৰ তৃপ্তিদায়ক আৰু কৃমিনাশক, কিন্তু গুৰুপাক। আনাৰসৰ পাতৰ গুৰিৰ অংশৰ ৰস খুৱালে ভেদবমি বন্ধ হয় আৰু কৃমি নাশ হয়। গৰ্ভৱতী তিৰোতাই আনাৰস খোৱা উচিত নহয়। তাতে গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে।